"প্ৰান্তিকা ই-কাব্যালোচনী"
।। প্ৰথম বৰ্ষ ।।
।। প্ৰথম সংখ্যা ।।
।। জুলাই ২০১৮।।
এই মাহৰ সংখ্যাটো সজাইছে ......
লৰেঞ্চ বৰপাত্ৰ, মণিকা দাস, মানস প্ৰতীম,
জিন্তু ভুঞা, ৰেইনী শইকীয়া, তপন কুমাৰ নগঞা, ময়ুৰী গোস্বামী, পৰিস্মৃতা বৰুৱা,
হেমন্ত কুমাৰ চাহ, সংগীতা শৰ্মা,
নিহাৰীকা শইকীয়া, বনজিৎ শৰ্মা, নৱজ্যোতি শৰ্মা, অৰূপ শৰ্মা, দেবাশিষ বৰা, কবিতা কুৰ্মী,
পাপু বৰা, শশাংক দেৱ শৰ্মা, উপাসনা ভূঞা,
ভাৰ্গব তালুকদাৰ, কাজল নয়ন, এনিশা শৰ্মা, অশ্বিনী গগৈ, ৰাজেশ কুমাৰ নন্দী,
অনুৰাগ শইকীয়া, বিকাশ সুত্ৰধাৰ, শচীন কুৰ্মী, বনশ্ৰী গগৈ, মানস জ্যোতি দাস,
মৃদুপবন লাহন ,হীৰক জ্যোতি শৰ্মা ,ভাগ্যশ্ৰী শৰ্মা , দেবাশ্ৰী শৰ্মা ,ভাগীৰথ গোৱালা ,আমিন বাহাদুৰ , তৰালী দেৱী, পৰাগ শৰ্মা, ভাস্বতী দেৱী,
ধৰিত্ৰী শ্ৰাৱন, ৰাণাদ্বীপ কৌশিকৰ কবিতাৰে ....
১)
" চাৰিকড়িয়া "
✒️ লৰেঞ্চ বৰপাত্ৰ ,
যোগাযোগ - ৮৪৭২৮৯৩৮৮৬
ঠিকনা - ঢকুৱাখনা , ৭৮৭০৫৫
চাৰিকড়িয়া পাৰৰ ফাট বিহু
চাৰিকড়িয়া তোৰ বুকুত হাবুং ৰ হেজাৰ সপোন
তোৰ দাঁতিকাষৰীয়া কহুৱা বিৰিণা বোৰে হাঁহে
যেতিয়া নৈ পাৰত ঢোলৰ মাতে
পেঁপাৰ মাতে ৰজনজনাই
মুখৰিত হৈ পৰে ম'হঘূলি চাপৰি ।।
কুলি চৰাইজনীয়েও গীত গাইছে শিচু গছত বঢ়ি,
"ম'হঘূলি চাপৰিত ঢোলৰ গুমগুমনি
ফাট বিহু পাতিছে তাত
আমাৰে নাচনী গাতে নাই তৰণী
পিন্ধিছে মুগাৰে সাজ "
ঢকুৱাখনা ৰ ঐতিহ্যমণ্ডিত ফাট বিহু
তোৰ পৰশত আমিবোৰ একত্ৰিত হওঁ
জাতি ধৰ্ম বৰ্ণ পাহৰি যাওঁ
একতাৰ ডোলেৰে বান্ধ খাওঁ
তই আমাৰ হিয়াৰ আমঠু ।।
চাৰিকড়িয়া তই বৈ যা
তই বৈ যা সময়ৰ সোঁতত অবিৰতভাৱে
মোৰ প্ৰাণৰো প্ৰাণ ঢকুৱাখনা
তেতিয়ালৈ থাকিব যেতিয়ালৈকে তই থাকিবি
চাৰিকড়িয়া থমকি নৰবি
নহ'লে ম'হঘূলি চাপৰি
জনশূন্য হব, গাভৰু নাচনীয়ে চকুলো টুকিব
মৰহি যাব কহুৱাৰ ফুল বোৰ
সৰি পৰিব শাৰী শাৰীকৈ থকা শিচু গছৰ পাতবোৰ
আৰু সেমেকি যাব তোৰ চেনেহৰ
ঢকুৱাখনাৰ হাজাৰ জনৰ মন প্ৰাণ
তই মাথোঁ বৈ যা
চাৰিকড়িয়া তোৰ বুকুত হাবুং ৰ হেজাৰ সপোন।।
-------------×--------------
২)
" জীৱন সংগ্ৰাম "
✒️ মণিকা দাস ,
ঠিকনা - গুৱাহাটী , বেলতলা ।
সোঁহাতখন খহি পৰিছিল বাবেই
তোক ধৰাত মোৰ অসুবিধা হৈছিল।
মই যেতিয়াই মোক চম্ভালো
তেতিয়াই এটি বিষে খামুচি ধৰে বুকুখন
কিয় ক'ব নোৱাৰো....
তথাপি মোৰ মনৰ প্ৰৱল ইচ্ছাৰে তোক সাৱটি
আছিলো জীৱনটোক ভাল পাওঁ বাবে।
বতাহে কঢ়িয়াই আনে কেতিয়াবা
সেই অসহ্যকৰ শব্দটো।।
নাই নাই........!!
মই আত্মহত্যা কৰিব নোৱাৰো ;
মই মোক স্থাপন কৰিবলৈ আৰু
বহু কাম আছে.....।
জীৱনটোৰ কৃপনালী নকৰো,
মই পূৰ্ণ জীৱন দিব বিচাৰো।
মই প্ৰতিবাদ কৰিব বিচাৰো,
ঈশ্বৰৰ সৈতে
নিষ্ঠুৰতাৰ,বৰ্বৰতাৰ।
আৰু কিমানটা যন্ত্ৰণা পালে
তেওঁ শান্তি পাব ,তাকেই চাব খোজো
মই হাৰ নামানো জীৱনৰ।।
বিষ হজম কৰিব পৰা হ'লো যেতিয়া
আৰু কিহৰ ভয়।।
মাথো একেটিয়ে ভয় মোৰ,সেয়া
আত্মসন্মানৰ অপমান;
মাথোঁ জীৱন জীয়াবলৈ।।
-------------×--------------
৩)
" বলাৎকাৰী দানৱ "
✒ মানস প্ৰতীম ,
ঠিকনা - নলবাৰী ।
নিজানৰ পৰা গভীৰ শব্দৰে ভাহি
আহিছে এটি চিঞৰ,
এনেকুৱা হৰিণাৰ চিঞৰ মইতো
আগতে কাহানিও শুনা নাই ;
হয়তো হ'ব পাৰে এয়া কোনো
দুৰ্ভগীয়া নাৰীৰ আৰ্তনাদ ।
হয়তো হ'ব পাৰে এয়া কোনো
মাতৃৰ কাতৰ কৰুণ চিঞৰ ।
অাজি সন্মুখৰ পৰা প্ৰতিবাদ কৰিবলৈ
আমাৰ সময়ৰ অভাৱ ঘটিছে নে
মানৱতাৰ বিলুপ্তি ঘটিছে সেইয়া
ছাগে চিত্ৰগুপ্ত ৰ খাতাত হে পোৱা যাব ।
কুৎচিত মনৰ মানৱ বোৰৰ আনৰ বাবে এটোপাল চকুপানীৰ ঘটিছে অৱসান
মানুহ হৈ পৰিছে বিজ্ঞান যুগৰ একো
একোজন তথা কথিত দানৱ সদৃশ ভদ্ৰলোক ।
এনে দুৰ্ভগীয়া নাৰীৰ কাতৰ চিঞৰ আমাৰ বাবে নিউজ লাইভৰ কেমেৰাত বন্দী
একো একোটা দৃশ্য হে মাত্ৰ।
নিজৰ ঘৰৰ যৌৱনা প্ৰাপ্ত বাইদেউ
ভণ্টি লৈ তহঁতৰ
এবাৰ বাৰু মনত নপৰে নে ?
কিন্তু তহঁতেই নাৰী দিৱসৰ দিনা
নাৰী সুৰক্ষাৰ বাবে প্ৰতিবাদ কৰি জয়ধ্বনি দিয়,
হয়তো তহঁতৰ এই জয়ধ্বনিৰ আঁৰত
লুকাই থাকে বিকট হাঁহি !
অাজি তহঁতৰ কামনা লিপ্ত বাসনাত বলি হ'ব বুলি সিহঁতে সন্ধিয়া পাৰ হৈ যাব নোৱাৰে,
ভয়ত বুকু কঁপি উঠে যৌৱনত চেঁকা লাগিব বুলি
আকৌ এদিন তহঁতেই বদনাম উলিয়াবি চৰিত্ৰহীন ছোৱালী বুলি !
জোনাক নিশা অন্ধকাৰ নামি আহে , তহঁতে যেতিয়া কলা মেঁঘৰ দৰে জোন সদৃশ
নাৰী জনীক আৱৰি ধৰিবি !
সিদিনাই শেষ হৈ যায় এটি জীৱন, যৌৱন, প্ৰেম ।
কলংকিত হৈ ৰয় ন মাহ গৰ্ভত ৰাখি
ডাঙৰ কৰা এটি মাতৃৰ কষ্ট,
সেইজন পিতৃৰ আশাত চেঁচাপানী পৰে যিজন পিতৃয়ে কণ্যা সন্তানৰ জন্ম দি ও দ্বিতীয় সন্তানৰ কথা নাভাবিলে।
মুখ ঠেকেচা খাই সেইজন ভাতৃয়ে যিয়ে বায়েকৰ লগত অনবৰতে যুঁজি থাকে ধেমালিৰ মাজতে কোৱা বায়েকৰ কথাবোৰ যেতিয়া মনত পৰে ভিনীহিয়েকক কি খুজিব বিয়াত !
আৰু তহঁত পাষণ্ড বোৰে আইনৰ
হাতত পৰি দুদিন পিছত আকৌ মুকলি আকাশৰ তলত ফুৰিবি
আহিবি কেতিয়াবা আকৌ সেইখন ঘৰলৈ দেখিবি ছোৱালী জনীৰ শ্ৰাদ্ধ পাতিছে
মাটিত বাগৰি পৰি আছে মাক জনী,
বাপেকে চকুলো ঢাকি পিণ্ড দিব গৈছে
আৰু মুৰ তল কৰি বহি আছে ঘৰৰ
চুকত অসহায় অৱস্থাত সেই ভাতৃ জন !
-------------×--------------
৪)
" মা "
✒️ জিন্তু ভুঞা ,
ঠিকনা - ৰাজবাৰী,
বিহপুৰীয়া, ৭৮৪১৬১
তোমাৰ পৰশে মোক
সঁচা আৰু প্ৰথম প্ৰেমৰ সন্ধান দিছিল ,
তোমাৰ মাতে মোক সদায়ে নিচুকাই
আজিও নিৰন্তৰে বাজি থাকে
জানা মোৰ কাণত ...
তোমাৰ হাতৰ পৰশে
কপাল বুলালে সৰগৰ সুখ পাওঁ ...
তোমাৰ কোলাত শুলে যেন
সকলোতকৈ বেছি সুখী হওঁ;
কিন্তু কি জানা মা
বহু দিনেই হল তোমাৰ হাতৰ মিঠা পৰশ
মোৰ কপালত পৰা নাই,
তুমি মোক হাত বুলাই একো
কোৱা নাই...
মই জানোঁ মই ইয়াত থাকিলেও
তুমি মোক তাৰপৰাই
আশীৰ্বাদ কৰিছা...
কিন্তু কি জানা মা ?
তোমাৰ কোলাত মুৰ থৈ
শুব মন গৈছে বহুপৰ...
তোমাৰ নিচুকনী গীত শুনি শুনি
শুব মন গৈছে...
মা জানা?
তোমাৰ যে খং উঠে
বহু য়ে কোৱা খংত
তেতিয়া কেতিয়াবা মোৰো খং উঠি য়ায়....
কিন্তু এতিয়া...
তোমাৰ মাতটো শুনিবলৈ ৰৈ থাকোঁ,
তোমাৰ গালি বোৰ মোৰ বহুত আপোনৰ অ'...
মা
তোমাৰ হাতৰ পৰশ
তোমাৰ কোলা
তোমাৰ সকলো কথা
মোৰ বহুত ভাললাগে...
তোমাৰ কোলা পৰাই শিকিছো,
তোমাৰ মাতৰ পৰাই বুজিছো,
তোমাৰ পৰশতে প্ৰথম সচাঁ
প্ৰেমৰ সন্ধান পাইছো,
মা
তুমি য়েন সদাই মোৰ লগত থাকা
নিচুকুৱা মোক
হাত বুলোৱা মোক
নিৰন্তৰে
তুমি মা.......
-------------×--------------
৫)
"শৰবিদ্ধ কলিজাৰ উচুপনি"
✒ ৰেইনী শইকীয়া
ঠিকনা- নাৰায়ণপুৰ ,লখিমপুৰ , অসম
পিন -৭৮৪১৬৪
অস্তগামী সুৰুজৰ হেঙুলী বৰণত,
মৃদু বতাহৰ আলিংগনত,
ৰজস্বলা শিমলু পলাশৰ নৃত্যত,
পুনৰ উজ্জীৱত হ'ল তুমি তুমি লগা অনুভৱ বোৰ।
বিহগীৰ উৰুলি ধ্বনিত,
মনত ভাহি আহিল
আমাৰ মিলনৰ ক্ষণৰ কথা।
নদীত অনুৰনিত শব্দবোৰে,
অনুভৱ কৰাইছে
তুমি বিহীন মোৰ জীৱনৰ
কাল আঁউসীৰ কথা।
যাৰ পুৰ্নিমা হয়তো
ইহজনমত অসম্ভৱ।
নিয়তিৰ পুতলা আমি।
জীৱনৰ পালতৰা নাৱৰ একেপথৰ যাত্ৰী হলে এবাৰ মাতিবা।
যদিহে পৰজনমৰ শুভলগনত
আমাৰ মিলন হয়,
মোৰ হৃদয়ৰ ধ্বনি
শুনিবলৈ চেষ্টা কৰিবা।
মোৰ মনৰ নিভাঁজ কোনত সমাধিস্ত প্ৰেমিক মনটোৰ
এটা মাথোঁ অনুৰোধ
থাকিব তোমালৈ
"মোক মোৰ হাহিটো ঘুৰাই দিয়া।"
-------------×--------------
৬)
"চপৰা-চপৰে খহিছে আইৰ কলিজা"
(মাজুলীক ভাল পোৱা সকলৰ হাতত)
✒ তপন কুমাৰ নগঞা ,
চপৰা-চপৰে খহিছে আইৰ কলিজা।
জাকে জাকে সৰা,
বৰষুণজাকৰ বাবেই
আইৰ বেমাৰটো উকাইছে,
আৰু তহঁত
নিৰৱ দৰ্শক হৈ আছ'
পদূলীমূৰত,
সেয়া কিহৰ কিৰিলি ?
ক'ত বন্ধক দিলি তহঁতৰ মানৱতা ?
আইৰ, কলিজা খহা বেমাৰটো দেখি
কিয়, নগলে তহঁতৰ হৃদয় ?
নিটোল শৰীৰটো শীৰ্ণকায় হৈছে,
তহঁতৰ কাণসাৰেই নাই।
কোনস'তে আইকলৈ গৌৰৱ কৰ'
আনক দেখুৱাবলৈ !
নে আদাক দেখি ?
এবাৰ চা-চোন আইলৈ ঘুৰি !
পিন্ধিবলৈ কপোৰসাজ,
খাবলৈ ভাতসাজৰহে গৰাকী নেকি,
তহঁতৰ আইজনী ?
এবাৰ চা, কেনেকৈ উকাইছে,
আইৰ কলিজা খহা বেমাৰটো
চপৰা-চপৰে কেনেকৈ খহিছে আইৰ কলিজা।
-------------×--------------
৭)
" ডাৱৰ "
✒ ময়ুৰী গোস্বামী ,
ঠিকনা- যোৰহাট , অসম
অপেক্ষাৰ শেষত সেই সন্ধিয়া
মহানগৰীৰ বাকৰিত তুমি আৰু মই
এখোজদুখোজকৈ আগুৱাইছিলো।।
নীলৰঙী আকাশৰ তলত আমাৰ বুকুত
ফুলিছিল হেজাৰ কৃষ্ণচুড়া
চকুত উমলিছিল প্ৰেমৰঙী সপোন ।।
এনে লাগিছিল যেন
প্ৰেমহীন পৃষ্ঠা লুটিয়াবলৈ লৈছোঁ
বিষাদবোৰো যেন লাহে-লাহে আতঁৰিছে।।
ব্যস্ত মহানগৰীৰ কোলাহলত যদিও শুনা নাছিলো তোমাৰ মাত
হৃদয়ে শুনিছিল সকলো ।।
কিন্তু সময় বৰ নিষ্ঠুৰ
কিনো কৰিম কোৱা?
তুমিটো জানাই সকলো ।।
প্ৰেমাকাশৰ ডাৱৰফালি উৰিব পৰা
সেই ঈগলজনী যে মই নহয় ।।
-------------×--------------
৮)
" ফাগুন "
✒ পৰিস্মৃতা বৰুৱা
বিহপুৰীয়া, লখিমপুৰ
ফাগুনৰ উতলা বতাহে কঁপোৱাৰ সময়ত হৈছিল আমাৰ দেখা.....
দিন,মাহ,বছৰ নেওচি এতিয়া আকৌ
দুচকুৰ অবুজ চাকনৈয়াত মই.....
নিবিছাৰো তাৰ উত্তৰ,কিয় হয় এনেকুৱা ?
মাঁথো এতিয়া এটাই জানো.....
জীৱনৰ তুলাচনীত যে ব্যস্ত হৈ পৰিছে
তোমাৰ মোৰ জীৱনৰ অংকবোৰ.....
এতিয়া সপোনো নেদেখো...
আশাৰ কাৰেং সাঁজিবলৈ,
তোমাক বাৰে বাৰে আমনিও নকৰোঁ.....
মাঁথো আজিৰ পৰা এটাই জানি থোৱা....
ভালপোৱাৰ নামত খোৱা শপতবোৰ
মই সদায় জীয়াই ৰাখিম,
আৰু কেতিয়াওঁ ফাগুন বনত পলাশ ফুলিব নিদিওঁ.....
-------------×--------------
৯)
" ৰঙালী বিহুৰ শুভকামনাৰে "
✒ শ্ৰী হেমন্ত কুমাৰ চাহ
বিহালী , ছেৰেলীয়া , বিশ্বনাথ ( অসম)
ফোন :- ৬০০০৪০০৯৭৮
আজি মই বিদেশী
দেশত পাতিছে ৰংমনে ৰঙালী বিহুটি ,
আইতাকে , বায়েক , আই ও বনাইছে চাগৈ বিহুৱানটি ,
কিন্তু আজি মই বিদেশত ,
কিমান যে হেপাঁহ আছিল ,
কিমান যে সপোন আছিল ,
ঘৰত গৈ বৰজনৰ আশীৰ্বাদ লৈ ,
সমনীয়াৰ লগত কৰিম আনন্দ ,
কেৱল যে বিহু মৰাৰ বাৱদেই ,
সৰুৰ মৰম , ডাঙৰৰ আশীৰ্বাদ
সমনীয়াৰ লগত যে বিহু মৰাৰ আনন্দ ,
এইবোৰ আজি যে স্মৃতিময়ী ,
বহাগৰ এই বহাগীৰ ন ৰূপ ত ,
সকলোৱে মিলি যে পাতিছিলোঁ ,
প্ৰকৃতিক যৌৱনৰ ৰঙালী বিহুটি ,
ৰঙালীকে ৰঙীন কৰি পাতিছিলোঁ ,
প্ৰকৃতিৰ মাজত জীৱনৰ সংগী ,
আজি যে মই বিদেশী ।
তথাপিও পাতিছোঁ ৰঙালী বিহুটি ,
অতীতৰ স্মৃতিবোৰক সাৱটি ।।
-------------×--------------
১০)
" ষ্টপেজ "
✒ সংগীতা শৰ্মা,
ঠিকনা- জিলা : নলবাৰী ,
ডাকঘৰ : সানেকুছি ,
পুলিচ ষ্টেচন : ঘগ্ৰাপাৰ ,
পিন :৭৮১৩৫০
ছন্দ অনুযায়ী আগুৱাই যায় জীৱনে
ক'ৰবাত চাগে ভুল আছিল কিবা এটা
কাৰ? সেয়া বিচৰাৰ দায়িত্ব সময়ৰ !
সকলোৰে পৰা আতৰত
এক ৰামধেনুৰ মায়া
যেন নীলাভ আকাশৰ
ক্ষন্তেকীয়া এজাক বৰষুণ
যাৰ আগমণে মৰুভুমিক
জীপাল কৰিব নোৱাৰে কাহানিও
অথবা কেকটাছ দেৱদাৰুলৈ
বিৱৰ্তন
মাথোন বৈ যায়
অনন্ত সময়
বিচ্ছু ্য ৰিত হয় বৰ্ণালী
নিজে নিজক ফাঁকি দিয়াৰ
একআকাশ দুখ ,ক্ষোভৰ
প্ৰতিবাদী সভা
ছন্দ হেনো সপোনৰ দৰে
এটি এটি ইকৰাৰে সজা
আকল্মষ নিৰৱতাত বিয়পে
হৃদয়হীন অনুভৱ
মৃত্যুতকৈ যি শীতল !!!!!
-------------×--------------
১১)
" মনত ব'হাগ লৈ আহিবি "
✒ নিহাৰীকা শইকীয়া ,
ঠিকনা- গোগামুখ।
মনত ব'হাগ লৈ ,
এইবাৰো মন পথাৰলৈ
আহিবি অহাৰ দৰে |
হেঁপাহৰ কপৌপাহ
আৰু কুলিৰ মাত
তোৰ চাগৈ বৰ চিনাকী |
------------------------
মোৰ দূৰুণ ৰোৱা বাটত,
তোৰেই বদনাম |
মনৰ মাজুলীত
ভৰ বাৰিষা
এবুকু পানীত,
ভূই-ৰুইছিলো
সেউজীয়া কৰিছিলো
তোৰনৰ পথাৰ |
------------------------
তইযে শৰতকলৈ আহিছিলি ,
পথাৰ সোণোৱালী কৰি
সোণগুটি আনিছিলি
আঘোণৰ পথাৰ উদং কৰি,
মোৰ গৱেষণাগাৰ লৈ |
ফাগুনৰ সৰাপাতৰ সমস্ত ৰং
কৃষ্ণছোৰাক সানি দি
আকৌ মনত ব'হাগ লৈ আহিবি ||
-------------×--------------
১২)
" শীতকালীন প্ৰেম "
✒ বনজিৎ শৰ্মা ,
গাওঁ: আহোম পথাৰ
ডাকঘৰ: দুৰামাৰী(৭৮১৩১৭)
জিলা: বৰপেটা, অসম
মোবাইল: ৮৬৩৮২০৫৭০৩
শীতৰ সেমেকা ৰাতি
ঘন কুৱলীৰ নিশা
আহিছো ওলায় এটি নিজান পথেৰে ,
সংগী হিচাপে মাথোঁ হাতত আছে
এখন গিটাৰ |
মোৰ বেদনাময় হৃদয়ৰ বেদনাবোৰ
প্ৰকাশ হৈছে
কবিতাৰ ভাষাত|
যি ভাৱবোৰ সুৰ দিলে হৈ পৰে
এটি নিষ্ফল আশাৰ গান |
যি গানত লুকায় আছে
মোৰ হৃদয়ৰ
মোৰ জীৱনৰ
প্ৰতিটো পলৰ একো একোতা
নিস্বাৰ্থ অনুভুতি |
মাথোঁ অভাব হ'ল
এজন গীতিকাৰৰ ,
যাৰ সুৰত সৃষ্টি হ'লহেতেন
মোৰ হৃদয়ৰ অনুভুতিৰ পৰা
এটি শব্দবিহীন গান |
-------------×--------------
১৩)
" এক মধুৰ স্মৃতি "
✒ নৱজ্যোতি শৰ্মা।
জিলা- বঙাইগাওঁ
গাঁও -ডোমপাৰা
অতীতৰ সেই স্মৃতিবোৰে কেতিয়াবা
বৰকৈ অামনি কৰে,
সৰুতে অাইৰ কোলাত নিচুকনী গীতৰ
মধুৰ সুৰত টোপনী যোৱা,
গৰমৰ সন্ধিয়াত নীল আকাশৰ তলত
অাইতাৰ কোচত বহি জোনাকীৰ সাধু শুনা।
লাহে লাহে ডাঙৰ হ'লো
সোমাই পৰিলো অ,আ,ক,খ ৰ
জটিল ভাজবোৰৰ মাজত
লাহে লাহে হেৰাই গ'ল
সেই সোণালী দিনবোৰ।
এতিয়া কেৱল ৱ্যস্ত জীৱন;
স্কুল এৰি ক'লেজ পালো
কিতাপৰ গধুৰ বোজাবোৰ কঢ়িয়াই
জীৱন গঢ়াৰ প্ৰচেষ্টা।
কিন্তু পাম জানো আকৌ ঘুৰাই
অতীতৰ সেই সোণালী দিনবোৰ।
ইচ্ছা কৰিয়ো যে বিফল।
মন যায় অাকৌ সেই আগৰ দৰে
আইৰ মৰমসনা কণ্ঠত গোৱা নিচুকনী গীতৰ সুৱলা সুৰৰ তালত শুৱলৈ,
আইতাৰ কোচত বহি জোনাকীৰ সাধু শুনিৱলৈ।
কিন্তু এয়া যে এতিয়া এক অবাস্তৱ সপোন
হৈ ৰ'ৱ সদায়ে কেৱল এক মধুৰ স্মৃতি।।
-------------×--------------
১৪)
" বন্ধু "
✒ অৰূপ শৰ্মা ,
দূৰভাষ -৮৮৭৬৪৩৭৭৮৮
তামুলপুৰ ( জিলা- বাকচা )
তুমি নহলেও আজি,
মই নিজকে হেৰুওৱা নাই ;
অবশ্যে ...
তোমাৰ অনুপস্থিতি
অনুভৱ কৰিছো সচা।
নাই, নাই,
তুমি হীনতাত
মই ভাগৰি পৰা নাই,
জীয়াবলৈ শিকিছোঁ
জীবনৰ বোৱতী প্ৰতিটো পল।
আৰু,
সামৰিব পাৰিছো,
প্ৰতিটো প্ৰভাততে,
ৰাতি ফুলা শেৱালিৰ সুবাস।
ক্ষমা কৰিবা ...
অৱশ্যে কেতিয়াবা,
কেতেকীৰ হিয়াভগা নিশাৰ সুৰত,
দুচকু সেমেকি উঠে।
আৰু
তুমি দিয়া
সাহস,প্ৰেৰণা, উৎসাহ
আবেগত পাহৰি যাওঁ ।
হয়তো ..
মনটো,
শিলৰ দৰে কঠিন আৰু স্থিৰ হবলৈ,
এতিয়াও বাকী আছে।
নাই, নাই,
মই দিশহাৰা হব নোৱাৰো,
কাৰণ ...
এন্ধাৰ নেওচি গঁড় বান্ধিবলৈ,
তুমিয়েই টো শিকাইছিলা ।
জীবন পাহৰা পানচৈক
ঘাট তুমিয়েই টো চিনাই দিছিলা।
নাই, নাই,
আকৌ শেষ হ'ব দিব নোৱৰো,
তিৰবিৰাই থকা দুচকুত
জীপাল সপোনৰ প্ৰতীক্ষা।
-------------×--------------
১৫)
" গীতিকাৰ পক্ষী "
✒ দেবাশিষ বৰা ,
তেজপুৰ , অসম।
-------------
উন্মাদিত উত্তেজনাৰ উত্তাপত
নিৰ্জনতাৰ বৰফবোৰ গলিছে,
শূন্যতাই সম্পূৰ্ণতাক সাবটি
নিসংগতাৰ বান আনিছে,
মোৰ অনুভূতি বোৱাই নিছে,
মোকো উটুৱাই নিব খুজিছে।।
সু-উচ্চ অনুভূতি উপত্যকাত থকা
তোমাৰ হৃদয়ৰ দুৱাৰখন খুলি দিলে,
উৰামাৰি প্ৰবেশ কৰিম
এজনী গীতিকাৰ পক্ষীৰ দৰে,
আৰু অনাহত নাদৰ
আহত ধ্বনিৰে গীত গাম
তোমাৰ উষাহৰ তালে তালে।।
-------------×--------------
১৬)
" অনুৰাগ "
✒ কবিতা কুৰ্মী ,
গাঁও :বৰাজুলি
পো:বেদেতি
পিন:784179
থানা:বিহালী
জিলা :বিশ্বনাথ (অসম)
বৰষুণ এজাক হৈ আহানা
হৃদয়নদীখন উপচাবলৈ
নিৰৱে আৰু কিমান ৰাখিম
অনুৰাগ তোমাৰ বাবে,
তুমি বাৰু নুবুজানে ?
হৃদয়নদীখনে বিচাৰে পানী
মাঁথো বৰষুণৰ পানী আহানা অলপপৰ তিতো মোক হেৰাই যাব দিবা তোমাৰ দুবাহুত বুটলিবৈ দিবা এধানি প্ৰেমৰ স্পন্দন । তোমাৰ পলাশ যেন কলিজাৰ
ফুলেৰে গাঁথিবলৈ দিবা মোক
এধাৰি অনুৰাগৰ অনুপম মালা ।।
-------------×--------------
১৭)
" হৰিনামৰ মহিমা "
✒ পাপু বৰা ,
বুঢ়াবুঢ়ী।
চাৰিওফালে
ঘোপমৰা আন্ধাৰ
ৰিনি ৰিনি শুনু
বুজাৱনোৱাৰা
হৃদয়ে হেন্দোলনী মৰা
হৰি নামৰ গুনানুকীৰ্তন
এহ
একেবাৰে
ৰৈ থাকিব নোৱাৰিলো
অ'....
একেচাতে
চুৰিয়াৰ পোনতো মাৰি
গমন কৰিলো
গুৰু গৃহৰ দৃশে
উপস্থিত
হৈতো মই আচৰিত
চাৰিওফালে
অযুত বন্তিৰ মাজে
শাৰি শাৰিকৈ আছে
ভকত বৈষ্ণৱ ।
একেবাৰে
সত্যযুগৰ
গোলোকধাম ।
মইতু
উপস্থিত হৈ
অবাক
সকলোৰে মাজত মই
এটি সামান্য পৰুৱা ।
ভয়ে ভয়ে
আসনত উপবিস্ত হৈ
ভকত বৈষ্ণৱৰ সুৰে সুৰে
তালে তালে
মইও লয় মিলাবৰ বাৱে
চেস্তা কৰিলো ।
কি
আছৰীত
ইমান সুন্দৰকৈ মিলি গল
ভাষাৰে বুজাব নোৱাৰি ।
হে
মোৰ জন্ম
জন্মান্তৰ কলিযুগৰ
মনুষ্যবৃন্দ
আহাছোন সৱে মিলি
একেলগে উচ্ছাৰন কৰো
গোপাল কৃষ্ণ গোবিন্দ ।
-------------×--------------
১৮)
" ছাঁ "
✒ শশাংক দেৱ শৰ্মা ,
পাটাছাৰকুছি।
সময়ৰ কোলাত পোত গৈ থকা
জঘণ্য মৰিশালীখনত প্ৰথমবাৰৰ বাবে খোজ পেলাই
নাঁকত এটি অসহ্য গোন্ধ অনুভৱ কৰিছোঁ!
ঠাইখন একেবাৰে জনশূণ্য
মানুহ বুলিবলৈ উশাহবিহীন মৰাশ কেইকুৰিমান
মাটিৰ তলত শুই আছে|
নিৰ্জনতাৰ এনেকুৱা দুৰ্ভিক্ষত
বৰষুণৰ টোপালস্বৰুপ দুটা কুকুৰে ভোকত কাতৰ হৈ ভুকিব ধৰিছে
কি ঠিক নিৰ্জনতা আঁতৰি যায়|
ৰ'দটো প্ৰখৰ
কপালৰ ঘামবোৰ বৈ বৈ বুকু পাইছে
এডাল ওখ গছৰ শৰণাপন্ন হোলো|
গছডালো মৰহিব বাকি
এটি ফুলকুমলীয়া পাতে গছডালৰ এখন হাতত পোখা মেলিছে|
আৰু আগবাঢ়িবলৈ শক্তি নাই
নতুন পাতখিলাৰ সূক্ষ্ম ছাঁত
জিৰণি লৈ মনটো ভাল লাগিছে।
-------------×--------------
১৯)
" তোমাৰ স্নেহাকাঙ্খিনি "
✒ শ্ৰী মতী উপাসনা ভূঞা।
বিহপুৰীয়া মহাবিদ্যালয়।
বিহপুৰীয়া , লখিমপুৰ।
পিন - ৭৮৪১৬১ ।
সেই দিনা মোৰ উদ্ভান্ত্ৰ পঁজা...
সৌজন্যহীন আচৰণ
স্তম্ভিত কৰি তুলি
এক অন্য ভৱিষ্যতৰ আৱিষ্কাৰ।
সেই ভৱিষ্যতত আছিলা তুমি
আৰু
তোমাৰ স্নেহাকাঙ্খিনি ।
বুকুৱে বুকুৱে পৰিমাপহীন উত্তোলনৰ
এক অনন্য মহাকাব্য ।
ওচৰৰ পৰা স্পৰ্শ কৰিছিলোঁ
লিখিত ইতিহাসৰ আওতাৰ
বাহিৰত থাকি যোৱা সেই বাস্তৱতাক ।
খোজ থৈছিলোঁ
প্ৰকাশৰ পোহৰ নপৰা
সেই এন্ধাৰৰ একোণত ।
আজি আহি থমকি ৰৈছোহি
ভয় ও সংকুচিত মনেৰে...
উপেক্ষাৰ ওৰণিৰে ঢাকি থোৱা
তোমাৰ স্নেহাকাঙ্খিনিৰ মুখখনত
আজি হেজাৰতা হুমুনিয়াহ - মাথোঁ শব্দহীন হুমুনিয়াহ...।
-------------×--------------
২০)
" শব্দ "
✒ ভাৰ্গৱ তালুকদাৰ ,
চেণ্টল ইনষ্টিটিউট অৱ টেকনোলজী,
কোকৰাঝাৰ ,
খাদ্য অভিযান্ত্ৰিক বিভাগ, ২য় বৰ্ষ ।।
নিস্তব্ধ বালিত নিসঙ্গতা
স্তব্ধ হৈ পৰে জীৱন নেওঁতা,
নিঃসংকোচ মনোভাৱৰ কৰুণ বাৰ্তা
ভাহি আহে কান্দোনৰ ৰেডিঅ' মাত্ৰা।
শব্দ যাদৃচ্ছিক হৈ পৰে
নিশব্দৰ!
ভৰি পৰে চাৰিওফালে কোলাহল তন্ত্ৰৰ
পীড়িতৰ দুখত ,সুখৰ বিয়োগ,
জীৱনৰ নেওঁতাত।
সূত্ৰ বিচাৰিবলৈ টান হয় কান্দোনৰ
হাঁহিৰ কিৰিলিত পাৰ হয় আশাৰ সত্তাৰ
শব্দ বিহীন গধুৰ কামনাত
ধৰা দিয়ে দুখৰ আলিংগনতা।
শব্দ!
ভয় লাগে!
কাষৰ ৰেডিঅ' টোৰ পৰা ভাহি আহিছে
শব্দ!
"দিন দুপৰতে নৃশংস ভাবে..........কেনেকৈ"।
আজিৰ শব্দ মাথোঁ প্ৰচাৰ
অমানসিকতাৰ উৎপীড়নত,
ক'লা ক'লা ডাৱৰৰ খুন্দাত
নাই দেখা আজি পোহৰ সমাজত।
শব্দ বোৰ আজি বৰ চিনাকি
নিজৰ প্ৰতিচব্বিৰ নিচিনাকৈ,
হাতত কঁফী মগজুত বাৰ্তা
বেদনাৰ প্ৰশ্ৰয়ত সমাজৰ ৰাতিপুৱা।
শুনিবলৈ মন নাই আৰু!
হৃদয়ত বিন্ধা দিয়া সংকোচৰ চিঞঁৰবোৰ;
প্ৰশ্ৰয় নোহোৱা দুখৰ দিনত
হবনে পৰিত্ৰাণ শব্দৰ যুগমীয়া।
কৈ গৈছিল,
কাষৰ জীৱন নামৰ মিউজিক প্লেয়েৰ টিৰ পৰা!
"হাঁহি এটি পিন্ধি লোৱা অলেখ হাঁহি বিয়পিব.....
ভাঙি পাতি খুলি কোৱা মনৰ দ্বিধা আঁতৰিব"
হাঁহি নাই চোন এতিয়া দেখিবলৈ
নিশাৰ চিগনেল লাইটৰ ফিউজত।
দ্বিধাবোৰ চোন বাঢ়ি যায় যিমানে কোৱা যায়
সময় নামৰ সমাজত।
দুদিনীয়া জীৱনৰ সুখৰ বার্তাত
লাগিব সলনি মানাসিকতাৰ,
জীৱনৰ নেওঁতাত কলিমা নাসানিবলৈ
দিয়ক হৃদয়ত সাহসৰ স্থান ।।
-------------×--------------
২১)
" মন যায় "
✒ কাজল নয়ন ,
মন যায় উৰিবলৈ
পাখি মেলি মেলি
শূন্যৰ পৰা মহাশূন্যলৈ
ভয় লাগে যদি পৰি যাওঁ ।
সিদিনা সিহঁতেও উৰিছিল
বহু ওপৰলৈ
ঈগলৰ পিঠিত উঠি
চুইফ্টৰ দৰে উৰিছিল
সেউজীয়া পাৰ হৈ
নিলীমাৰ মাজে মাজে....
হঠাৎ পাখি দুটা জ্বলি উঠিছিল
কলা ধুৱাই ছানি ধৰিছিল
মাজুলীৰ সমগ্ৰ আকাশ
তুহঁৰ দৰে পুৰিছিল
কেঁচা সপোনবোৰ
বতাহত উটি আহিছিল
সেন্দুৰৰ পোৰা গন্ধ ,
কেচুৱাৰ কুমলীয়া হাঁহি।
-------------×--------------
২২)
"স্নেপশ্বট"
✒ এনিশা শৰ্মা ,
স্নাতোকোওৰ প্ৰথম বৰ্ষ ,
শিৱসাগৰ ছোৱালী মহাবিদ্যালয়,(চৰাইদেউ)
একবিংশ শতিকাৰ সদ্যস্নাতা সূৰুয তুমি...
শুভ্ৰনীল ডাৱৰৰ লুকাভাকুত ভুমুকিয়াই হেঙুলীয়াই...
ক্ৰমশঃ
তোমাৰ পৰা মোলৈ আৰু
মোৰ পৰা তোমালৈ
প্ৰৱাহিত হয় মৌন হৃদয়ৰ কথোপকথন...
ধুমায়িত দুকাপ চাহৰ পিয়লাত
বিলীন হৈ যায় এপিতাফ সময়..৷
আসঃ,
মায়াসনা গধূলিৰ চহৰখনৰ
কি যে মাদকতা...
তোমাৰ আঙুলিৰে স্পৰ্শ কৰা
মোৰ দুহাতত এতিয়া মুঠি মুঠি ভালপোৱা...
তোমাৰ এপলক চাৱনি আৰু মোৰ দুচকুত
যেন ফুলি উঠে সোণাৰুৰ হালধীয়া...
উভতনি যাত্ৰা...
স্মৃতিৰ কুকিত সাঁচতিয়া বহু কথা
সংগোপনে ধৰা দিয়া প্ৰেমময় সন্ধ্যা.. মাথোঁ
তুমি আৰু মই অচিনাকী চহৰৰ
বুকুত যেন চিনাকী বাসিন্দা।।
-------------×--------------
২৩)
"প্রাপ্তিৰ আকুলতা"
✒অশ্বিনী গগৈ ,
সাপেখাতী।
স্নাতকত্তোৰ প্রথম বৰ্ষ,
শিৱসাগৰ ছোৱালী কলেজ
শিক্ষক প্রশিক্ষাৰ্থী,
DIET শিৱসাগৰ।
আবেলিটিক কহুৱাই কপাই
আকৌ এবাৰ সৰাপাতৰ
সপোন সাৰপাই উঠিল.....
এজাৰ ফুলা দেহাটো গোন্ধালে....
মাধৈ মালতীয়ে ন সাজে........
দুচকুত এজাক নাম নজনা সপোনৰ....
মিঠা ৰাগিনী.....
আকাশৰ ঠিকনা বিচাৰি.....
আৱেগে দুপাখী মেলিছে.....
অভিমানৰ বোকোচাত.....
এজাক প্রাপ্তিৰ বৰষুন.....
মেঘমল্লিকা...
দুচকুৰ কাজলতে.....
আকিব দিয়া না !
প্রেমৰ আধালিখা উপন্যাসখন
শিপাব দিয়া...
হৃদয়ৰ ৰোহঘৰত...
সৃষ্টিৰ আখৰাৰ বীজবোৰ...
বেৰঙীন সপোনৰ আচলতেইটো থাকে....
ৰঙৰ প্রাচুৰ্য্যতা.......
উভটনি পক্ষীৰ মিঠা কোলাহলতে...
সিচৰিত হব দিয়া.....
আধালিখা কবিতাৰ..
হেৰুৱা পাণ্ডুলিপিবোৰ.......
অজানিতে....
কোনেও নজনাকৈ এটা ফৰকাল
দুপৰীয়াৰ দৰে.....!!
-------------×--------------
২৪)
" স্বাধীনতাৰ সন্ধানত "
✒ ৰাজেশ কুমাৰ নন্দী।
ৰহা, নগাঁও (অসম)
পিন-৭৮২১০৩
মো: ৮৬৩৮২৯০৮৪৬
স্বাধীনতা হেনো সন্ধানহীন হ'ল
গান্ধী,সুভাষে জন্ম দিয়া স্বাধীনতা
হতা্তে নিৰুদ্দেশ হ'ল !
দেশৰ প্রান্তে প্রান্তে স্বাধীনতাৰ
নিখোজৰ বাতৰি বিয়পি পৰিল ;
জনতাৰ হাহাকাৰ লাগিল
ভয়ত মুখবোৰ বিবৰ্ণ হ'ল
বগা চাহাবৰ ৰঙা তেজৰ ডোঙা আজিও যে সজীৱ
ৰাইফলৰ গৰ্জন আজিও যে অহৰহ কাণত বাজি থাকে
তেন্তে ! তেন্তে কি আকৌ বগা চাহাবৰ আগমন....
নাই বগা চাহাব এতিয়া আৰু নাহে
সিহঁত সেই সাত সাগৰ তেৰ
নদীৰ সিপাৰে অতীতক সুৱঁৰি আছে
সুৱঁৰি আছে গান্ধীৰ অহিংস নীতিক
সুৱঁৰি আছে সুভাষৰ তেজোদীপ্ত ৰণ হুংকাৰক
সুৱঁৰি আছে ভগতৰ পৰাক্ৰমক
তেন্তে স্বাধীনতাক কোনে সৰ্ব কৰিলে
কোনে পুনৰ পৰাধীনতা ভাৰতীয়ক দিব বিচাৰিছে
দেশৰ মানুহেই !
হয় দেশৰ মানুহেই দেশৰ
মানুহক বন্দী কৰিছে
হত্যা কৰিছে নিজৰেই ভাতৃক
ধৰ্ষণ কৰিছে নিজৰেই ভগ্নীক
লুট-পাত কৰিছে নিজৰেই ঘৰখনক
ভয়-শংকাৰে পুনৰ স্বাধীনতাৰ সন্ধানত ভাৰতীয় ,
প্রয়োজন এজন গান্ধীৰ
প্রয়োজন এজন সুভাষৰ
প্রয়োজন এজন ভগতৰ
প্রয়োজন এজন লাচিতৰ
এওঁলোকৰ অবিহনে যে
স্বাধীনতাৰ সন্ধান অসম্ভৱ ।।
-------------×--------------
২৫)
"ঈশ্বৰৰ অবিহনে যি সম্ভৱ নহয়"
✒ অনুৰাগ শইকীয়া।
লখিমপুৰ।
ভ্ৰাম্যভাষ:- ৯১০১২-৬৭৬২৪
মোক এটা গানৰ কথা কোৱা
যি গানে মৰা তেজত উত্তাপ সিঁচিব পাৰে
ৰণুৱা ঘোঁৰাৰ দৰে হৈ ফেনেকি যাব পাৰে ৰণস্থলিৰ ধূলি আৰু ধোঁৱা
যি গানে বোৱতী নৈক বাধা দিব পাৰে
প্ৰৱল ধুমুহাৰ সৈতে যুঁজিব পাৰে
শইচ- মাটিৰ গোন্ধ বিলাব পাৰে
(হেৰুৱা পিতাইৰ গাৰ গোন্ধৰ দৰে )
নতুবা এটা কবিতাকে শুনোৱা
যি কবিতাই জাতি- মাটি একে কৰিব পাৰে
মন্দিৰৰ পৰা মছজিদলৈ সাজিব পাৰে এডালেই মাথোঁ সাঁকো
যি কবিতাই নৰৰূপী পশুৰ হাতত আহত আই আৰু বাইক
পুনৰ জীয়াই তুলিব পাৰে
অন্যথা তুমি একোৱেই নকবা
মৌনহৈ থাকা মৌনহৈ থকাৰ দৰে
তুমিটো নাজানা-
মৌনতাৰ উচুপনীটো কলিজাৰ মঙহ গ'লে
যি আইতাই জানে, ককাই বুজে
যিহেতু তেওঁলোক এতিয়া অকলশৰীয়া
আচলতে গান আৰু কবিতা ঈশ্বৰৰ অৱদান
সেয়েহে পুজাৰ বেদীত অপদস্ত হোৱা ঈশ্বৰেও
বাৰম্বাৰ লিখে বিশ্বাসৰ মালিতা
যি মালিতা আমাৰ পূৰ্ব পুৰুষৰো প্ৰিয় আছিল.. !!
লিখো বুলি এটি গান
লিখি বুলি এটি কবিতা আমি
কাহানিও লিখিব নোৱাৰোঁ !!
-------------×--------------
২৬)
"এসাগৰ সপোন "
✒ বিকাশ সূত্ৰধৰ ,
গাওঁ :- ভাতঁকুছি
ডাকঘৰ :- বৰপেটা ( অসম )
পিন :- ৭৮১৩১৪
দূৰভাষ :- ৮৭২১০২৮৫৯৫
এসাগৰ সপোন লৈ
খোজ দিছিলো এদিন
এই বকুলৰ দেশত;
আশাবোৰ আৰু মজবুট কৰিছিল
বকুলৰ বাকৰিৰ সেউজীয়া আভৰনে
আধুনিক জীৱনৰ কৃত্ৰিমতাৰ মাজতো ;
প্ৰাণ পাই উঠে জীৱনৰ অকৃত্ৰিম মাদকতা
ইয়াৰ বাকৰিতে
এই মন্দিৰত ধ্বনিৰ বাণীয়ে;
আওৰাই দিয়ে সঠিক পদ্যৰ পাহৰা পংক্তি
সমন্বয়ৰ সুন্দৰ ছবি
এই মন্দিৰৰ পদুলিত;
বৈষম্য পাহৰি আহ্লাদিত হয়
একতাৰ প্ৰতি ধ্বনি
কুমাৰ ভাস্কৰ বৰ্মাৰ যুগজয়ী মতাদৰ্শ ;
প্ৰতিফলিত কৰাৰ কালজয়ী প্ৰচেষ্টাৰ বাট
বুলিব বিচাৰো আমি
পৰম আৰাধ্য গুৰু সকলো মন্দিৰৰ দুৱাৰত :
সেই একেই স্তুতি
ৰচিব বিচাৰো কালজয়ী গীত ;
ইতিহাসৰ বুকুত.........
-------------×--------------
২৭)
"সপোন"
✒ শচীন কুৰ্মি।
প্ৰায়োগিক মনোবিজ্ঞান বিভাগ,
ডিব্ৰুগড় বিশ্ববিদ্যালয় ,
চফ্ৰাই, সোনাৰী
ৰাতিৰ বুকুত মূৰ গুজি টোপনিত
লালকাল এখন ঠাই,
চৌদিশে কেৱল নিৰ্জনতাৰ কোলাহল ।
বহুদূৰত....
কৰবাৰ এৰাপৰীয়া কোণৰ পৰা
স্বদ্ধ ৰজনীত শুনিছোঁ কাৰোবাৰ কৰুণ বিননি,
শ্ৰৱনৰ একাগ্ৰতাৰ সতে একাত্ম সেইখন
পাহৰিব পৰা নাই ।
বাৰে বাৰে শুনিবলৈ পাইছোঁ
কৰুণ বিননিৰে
মোৰ ভাগৰুৱা দেহটিক মাতি থকা শব্দ ,
হঠাৎ,
শুকান পাতৰ মৰমৰণিত মই শিহৰিত হৈ উঠো,
বৰদৈচিলাৰ দৰে উৰি যোৱা
মোৰ গধুৰ সপোনটিৰ পৰা ।।
-------------×--------------
২৮)
"ঠিকনা"
✒ বনশ্ৰী গগৈ।
স্নাতোকোওৰ প্ৰথম বৰ্ষ,
শিৱসাগৰ ছোৱালী মহাবিদ্যালয়,
চৰাইদেউ।
আকাশৰ সিপাৰে সময়ৰ হেন্দোলনিত
ভাঁহি আহে এটি অচিনা সুৰৰ গুনগুননি
নীৰৱতাৰ সৈতে একাত্ম কৰি শুনো সেই অচিনা সুৰ,
বৰ দোমোজাত পৰোঁ ।
ৰুই দিম নেকি হৃদয়ৰ
দাঁতিত ,
হেপাহৰ এটি পুলি।
পাগোলি থকা শব্দ হীন কবিতা ,
নিগৰি আহে পলাশৰঙী
বাটেৰে ........
-------------×--------------
২৯)
"প্ৰেম"
✒ মানস জোতি দাস।
গাঁও: -টেলেঙনীয়া
ডাক: -বিহালী (অসম )
পিন নং:-৭৮৪১৬৬
দূৰভাষ: -৮০১১১৮৮৮৩৭
প্ৰেম প্ৰেম বুলি কিমান খাবা হাবাথুৰি,
তথাপিও হোৱা নাই প্ৰেম মোৰ জীৱনত।
কিমান যে যান্ত্রনা ভৰা জীৱন আৰু কিমান দিন
মন যায় মোৰো এবাৰ প্ৰেম কৰি চাবলৈ।
মন যায় মোৰো প্ৰেমৰ নৈত উটি-ভাঁহি যাবলৈ।
বুজি নাপাওঁ মই সেই জটিলতা ভৰা
প্ৰেমৰ মহত্ব কি?
প্ৰেমৰ স্বন্দন প্ৰেম চিৰযুগমীয়া আৰু কিমান দিন,
নাজানো মই সেই দুটি আখৰৰ অৰ্থ ।
হয়তো নাজানিবও পাৰো প্ৰেমৰ
বিহীন জীৱনৰ মহত্ব
বুজি পাবনে কোনোবাই মোৰ
হৃদয়ৰ কৰোন বেথা ।
হবনে এই পৃথিৱীৰ অলপমান
সময় প্ৰেমৰ কাৰণে ।
যামগৈ এদিন এইখন পৃথিৱীৰ পৰা
প্ৰেমৰ সংজ্ঞা বিচাৰি ।।
-------------×--------------
৩০)
"নিসংগ"
✒ মৃদুপবন লাহন।
স্নাতক দ্বিতীয় বৰ্ষ,
পদাৰ্থ বিজ্ঞান বিভাগ
গড়গাঁও মহাবিদ্যালয়,শিৱসাগৰ।
আজি মই বৰ নিসংগ;
তথাপি কিয় জানো ক'ব নোৱাৰো
ইমান নিসংগতাৰ মাজতো আবিষ্কাৰ কৰিছোঁ কাৰোবাক,
হয়তো সেইয়া তুমিয়ে।
নিসংগতাৰ মাজতো ধৰা দিয়া
প্ৰতি পলে পলে
মোৰ নিচেই কাষতে।
নিঃসংগতাৰ ওৰণি খন টানি
কাজল সনা অভিমানি চকুহালে
মোলৈ চাইছা ।
আৰু তোমাৰ ওঁঠত জিলিকি উঠিছে
এমোকোৰা হাঁহি ....
ঠিক লুইতৰ বুকুত জিলিকি উঠা
সুৰুযৰ প্ৰথম কিৰণৰ দৰেই।
তেনে মই নিসংগ নে?
মোৰ ঢৌৱাল বুকুৰ মাজৰে পাৰহৈ গৈছে
এজাক মৃদু বতাহ।
যি বতাহে কঢ়িয়াই আনিছে
তোমাৰেই সুবাস,
আৰু মোৰ প্ৰতি অংগে অংগে শিহৰণ তুলি
নিঃসংগতাৰ মাজতো দিছা সংগ।
সেয়ে মই নিসংগ নহওঁ।
মই নিসংগ নহওঁ কেতিয়াও,
আৰু যদি কেতিয়াবা হওঁ
তোমাৰ উপস্থিতিয়ে দূৰ কৰিব
সেই নিঃসংগতা.....
-------------×--------------
৩১)
"শব্দবিহীন চিঞৰ"
✒ হীৰক জ্যোতি শৰ্মা।
বৰপেটা(আহোমপথাৰ)
শব্দবিহীন চিঞৰত সাৰ পায়
অন্ধ কেঁকুৰিটো...
জেঠমহীয়া ৰ'দত আধৰুৱা খেতিৰ তাৰনা
এগৰাহ কোমল চাউলৰ সপোন
বাগৰি যায় কেকুৰিটোৰ বুকুৰে...
শয্যাগত হৈ ৰয়
পাখিলগা সময়বোৰ
এজাক ধুমুহাৰ মাজেৰে
বাট হেৰুৱাই...
কিন্তু কেকুঁৰিটোৱে জীৱন সলোৱা নাই
অতীত হেৰুৱাই ভৱিষ্যতৰ আদেশত
আজিওঁ বয় বিশ্বাসবোৰ
শব্দবিহীন চিঞৰ হৈ
অন্ধ কেকুঁৰিটোৰ বুকুৰে.....
-------------×--------------
৩২)
"অন্য প্ৰতিচ্ছবি"
✒ ভাগ্যশ্ৰী শৰ্মা ,
বাইহাটা চাৰিআলি।
৭৮১১২১
কেঁচা হুমুনিয়াহবোৰ বিলাই গৈছো
বিজয় নাটৰ শেষত,
প্ৰতিশ্ৰুতিবোৰ বিজয় হয়
আৰু
আশাৰ ৰেঙনি ৰশ্মি কেন্দ্ৰীভূত হয়
সেমেকা সন্ধিয়াৰ ডাৱৰৰ বুকুত..
প্ৰতিধ্বনিত জাগৃতি কঁপাই প্ৰতিক্ষণে
কুৰুকি কুৰুকি পাৰিজাত হোৱা
মেঘমল্লাৰ ধুমুহাৰ শিৰত
অভিমানৰ পুখুৰীত আধা মচ খোৱা
ৰঙীন জীয়া কলিজাৰ আৰ্তনাদ।।
নীলা পাখি ফাঁট মেলি ৰহণ সনা
আকাশীগংগাৰ ঢৌয়েও আজি সোৱৰাই ....
তাহানিৰ চিয়াঁহী আজি লক্ষ্যভ্ৰষ্ট পথিক??
কিন্তু মই??
মই জানো দিশহাৰা পথিক??
মই আজিও বিজয়ী,
বিশ্বাসৰ বিজয়ী।।
আজিও পাখিত ওলমি শীৰ্ষত
ফাগুন হৈ চটিয়াম
নীলা কবিতাৰ ফাঁকুগুৰি।।
সাক্ষী হৈ ৰব মাথো
নীলিম জলৰাশিত থিতাপি লোৱা
কাঞ্চনজঙ্ঘাৰ অন্য অভিমানী প্ৰতিচ্ছবি।।
-------------×--------------
৩৩)
" ৰজনীৰ সুবাস "
✒ দেবাশ্ৰী শৰ্মা ।
দৰং মহাবিদ্যালয়।
মাজ নিশা স্তব্ধতাৰ স্ফূৰ্লিঙ্গ
তন্ময় জোনাকীয়ে কৈ গ'ল হাজাৰ বতৰা,
কৈ গ'ল,তুমি মোৰ মাথো মোৰ
নিজম ৰজনীৰ আৰ্তনাদ জোনাকত,
তুমি বিনে ব্যৰ্থ আজি মন বাকৰি!
ৰাজপথৰ চাৱনিয়ে বা ধূসৰ,
নিয়ৰসিক্ত কমিজ..
জোনাকত বিলীন প্ৰেয়সী তোমাৰ,
ম্লান পৰি জীণ গ'ল এন্ধাৰো
ভটীয়াই নাহিলো যে মই..
নাযাও দুনাই শেৱালীৰ সুবাস লৈ !!
-------------×--------------
৩৪)
"প্ৰকৃতি"
✒ ভগীৰথ গোৱালা ,
কুহিয়াৰ বাৰী , বিশ্বনাথ ( অসম )
সূৰ্য্যৰ প্ৰথম কিৰণ
আকাশক কৰি তুলে ৰঙীন
ৰিব ৰিবকৈ বলা মলয়া বতাহ জাকে
আনি দিছে সুৱাদী গন্ধ
নিয়ৰ আহি গোটেই বন
ধুঁৱলী বৰণ কৰি তুলিছে
চৰাই চিৰিকটিয়ে গুণ গুণ কৈ
প্ৰভাৱৰ মিঠা গীত মাতিছে
সেই সৌন্দৰ্য্যময় পৰিৱেশত
ছয়া ময়াকৈ দেখি
আবদ্ধ কৰিব নোৱাৰিলো
তোমাৰ প্ৰতিচ্ছবি
আছো মাথোঁ আছো ৰৈ
গভীৰ সেউজ বনত
তোমাৰ সৌন্দৰ্য্য উপভোগ কৰি !
-------------×--------------
৩৫)
*নৈশৰ্গত--"শুণ্য"*
✒ আমিন বাহাদুৰ।
গাঁও-- শিলা
জিলা-- বৰপেটা (অসম)
ডাক সুচাংক-- ৭৮১৩০৯
ফোন নং-- ৮৭৬১৮২৫১৭২
স্থবিৰতাৰ পদাঘাতত
নশ্বৰ হৈ পৰে হৃদয়ৰ স্পন্দন ,
ৰুদ্ধ কন্ঠত নিঃশব্দ আৰ্তনাদ ;
কিঞ্চিত সঁহাৰি হাবিয়াসি
স্বভাৱনাত "বিদগ্ধ" বিবেক
স্থায়ী বাসিন্দা হয় "মূৰ্খ স্বৰ্গ"ৰ /
সৰ্বগ্ৰাসী প্ৰতাৰণাৰ কৰালগ্ৰাসত
দুচকুৰ পতা অৱশ,
লোতকেৰ গঢ়ি উঠে মৰুদ্যান
বুৰ যায় আপোন সত্বা
শুন্যতাৰ ঝুলন উপত্যকাত ।।
-------------×--------------
৩৬)
"অশৰীৰ"
✒ তৰালী দেৱী ( ৰায় )
মালিগাওঁ ( বৰিপাৰা) গুৱাহাটী-১২
আবেগ বিহ্বল হৈ,
হৃদয়ত কম্পমান হৈ থকা
প্ৰতিটো কম্পনে মোক
বাৰে বাৰে সোঁৱৰাই যায়
তোমাৰ স্মৃতিবোৰ -----
হেৰাই যাব ধৰা আশাৰ সফুঁৰাবোৰ ;
ধূসৰ ধূসৰ লগা এখন
মুখৰ অৱয়ব____
স্পষ্ট হৈ ভাঁহি নুঠে
মোৰ মানস পটত,
কিন্তু, জানো মই তুমি যে আছা;
মোৰ আত্মাৰ মাজত
আজিও সজীৱ হৈ _____
অনুভৱ কৰো মই তোমাৰ অস্তিত্ব,
আজিও মোৰ ওচৰত;
বতাহৰ লগত মিলি ভাঁহি আহে
তোমাৰ সুগন্ধ_____
আজিও সজীৱ তোমাৰ
উশাহ নিশাহবোৰ মোৰ প্ৰানত;
মিছা সপোনৰ পাকঘূৰনিত পৰি
সঁচা সপোন ৰচিবলৈ গৈ অনুভৱ
এটি অশৰীৰ ...
-------------×--------------
৩৭)
"তুমি"
✒ পৰাগ শৰ্মা।
নলবাৰী , অসম।
কোন তুমি ?
হঠাত্ আকাশৰ পৰা সৰি পৰা
বৰষুণজাকৰ দৰে
তুমিও মোৰ
বুকুত প্রেমৰ টোপাল চটিয়ালা।
তোমাৰ প্রেমত বহু কথাই শিকিলো,
নজনাও বহু জানিলো।
কোন আছিলা তুমি?
মোৰ শাওণৰ পথাৰ খনত
প্রবাল বানৰ জোৱাৰ আনি দিলা
তোমাৰ প্রেমে মোক পাগল কৰি দিলে জানা?
গায়ক , কবি
সকলো তোমাৰ কাৰণে হলো ,
কিন্তু! হঠাত্ তুমি ক'ত গলা ?
মোৰ প্রেমৰ পথাৰখনত হাল বোৱাৰ দৰে
কলিজাখন ওখ-চাপৰ কৰি
তোমাক পাৱৰ কাৰণতো গায়ক হৈছিলো
হৈছিলো নীলিম কুমাৰৰ দৰে কবি
কিন্তু মোৰ গান আৰু কবিতাই
তোমাক নিলে আতৰাই
কোনোবা অজান দেশলৈ...
আৰে যোৱাৰ সময়তো
তোমাৰ নামটো জনা নহল
জনা নহল তোমাৰ এডৰেচ্,
হঠাৎ আহিলা হঠাত্ গলা
নাম ঠিকনা একোৱে নকলা...
তোমাক পাৱৰ কাৰণে মায়ঙৰ মন্ত্ৰও
নাজনোনাজনো বন্দীপাশৰ খেল...
কোন তুমি?
কি নাম তোমাৰ?
কত ঘৰ একোৱে সুধা নহল মোৰ
মাঁথো প্রেম বৰষুণত টিটিনিজকে
দি দিলো তোমাৰ হাতত..
তোমাক আকৌ পাৱৰ বাৱে
নীলিম কুমাৰৰ ৪৪০ ভল্টৰ
কলমেৰে কবিতাও লিখিচো
গাইছো জুবিন গাৰ্গৰ দৰে মায়াৱী গান...
আহাচোন তুমি উভতি,
কৈ যোৱা তোমাৰ সৰ্ব পৰিচয়
দি যোৱা তোমাৰ ঠিকনা,
মন গলেই যামগৈ তোমাৰ ঘৰলৈ
পামগৈ তোমাৰ কাষ,
চামগৈ তোমাৰ মুখ,
শুনি মগৈ তোমাৰ মাত
ইতি তোমাৰ পৰাগ...
-------------×--------------
৩৮)
"কবিতাক যদি নাৰীৰ ৰূপত সজাও"
✒ ভাস্বতী দেৱী
টিহু মহাবিদ্যালয়
ৰাজনীতি বিজ্ঞান
টিহু,নলবাৰী।
কবিতাক যদি এগৰাকী নাৰীৰ ৰূপত সজাও তেন্তে...
তেওঁ মোৰ অস্তিত্ব...
দৌৰি ফুৰো চাৰিওফালে মই,
তেজী ঘোঁৰাৰ দৰে,
মাথোঁ তেওঁক চাবলৈ,
তেওঁৰ ঠিকনা বিচাৰি চলাথ কৰোঁ,
আকাশ- বতাহ- সাগৰ...
জুমি চাওঁ আকাশলৈ
তাতেই তেওঁ লুকাইছে নেকি?
বতাহতো উমান লওঁ ,
তেওঁৰ সুগন্ধি পাওঁ নেকি
সাগৰৰ পানীতো পৰকি চাও,
কিজানি তেওঁকে পাওঁ।
হৃদয়ৰ কঁহুৱাডৰাত
তেওঁৰ সৌন্দৰ্য্যৰ নাচোন,
সিক্ত হৈ ৰওঁ তেওঁৰ ভাষাৰ সেউজীয়াত।
কল্পনাযে নিয়তিৰ বৈশিষ্ট্য...
হৃদয়ৰ উকা কাগজত সদায় তেওঁৰ চলনা,
বুকুৰ কেনভাছত তেওঁৰ ছবি,
কবিতাক যদি এগৰাকী নাৰীৰ ৰূপত সজাও...
তেন্তে...
তেওঁ মোৰ বৰ্তমান
ভবিষ্যত সকলো।।
-------------×--------------
৩৯)
"আকাশ চুব পৰা কবিতা"
✒ ধৰিত্ৰী শ্ৰাৱণ
তেজপুৰ , অসম।
হাতত হাত থৈ তুমি দিয়া প্ৰতিশ্ৰুতিৰ গাথা,
খোজত খোজ থৈ কৈ যোৱা প্ৰতিটো কথা,
মধুৰ আছিল সেই সন্ধিয়াৰ বেলিকা।
বালিৰে সজা ঘৰবোৰ ভাঙি যোৱাৰ লেখিয়া,
মোৰো হৃদয়খন ভাঙি তুমিটো গুচি গলা।
এটুপি চকুলো নুটোকু ভাবিওঁ নোৱাৰো যে থাকিব,
বৰ বিষাই নিলাজ হৃদয়খন,
নিলাজ হৃদয়খনে যে কান্দিব নাজানে তুমিওঁ জানিছিলা।
নিলাজ চকুুযুৰিৰে দুধাৰি চকুলো নিগৰি আহে,
তোমাক বৰ ভাল পাই জানা,
বহুত বেছি ভাল পাই....
তুমিনো কেনেকৈ বুজিবা..?
কলমেৰে বুলাব নোৱাৰা শব্দ তুমিটো চুই চাব নোৱাৰা...!
তুমি হৃদয়ংগম কৰিব পৰা হলে
লিখিলো হয় জানা আকাশ চুব পৰা কবিতা।
কবিতাৰে ভৰপূৰ কৰিলো হয়
তোমাৰ মোৰ জীৱন গাথা।
কিন্তু মই যে নিৰুপায়...
তুমিটো শ্ৰুতা নহয় মোৰ এটি কবিতাৰো,
তোমাৰটো চুই চাব মন নাযায় তোমাৰ নামত লিখা মোৰ কবিতাৰ ভাষাবোৰ।
তোমাৰ কাষেৰে গৈ নাপায় মই লিখা
তোমালৈ এই শব্দবোৰ।
হয়, বহু শ্ৰুতা মোৰ কবিতাৰ,
বহু সুনাম মোৰ কবিতাৰ।
মাথো প্ৰকৃত শ্ৰুতা আৰু কবিতা দুয়ো বহু নিলগত।
সচাকৈ জানা,
তুমি কবিতাবোৰ হৃদয়ংগম কৰিব পৰা হয়,
বোৱাই দিলো হয় অজস্ৰ শব্দৰাজিৰে কবিতাৰ মালিতা
তোমাৰ বাবে
তোমাৰ নামত....!!
-------------×--------------
৪০)
"নৰপিশাচ"
✒ ৰাণাদ্বীপ কৌশিক
বিহপুৰীয়া , লখিমপুৰ।
আজিৰ মানুহক লাগে বিলাসী ঘৰ বিলাসী গাড়ী
ঘুৰিব বিচাৰে বিলাসীতাৰে কাৰোবাৰ সপোন চুৰ কৰি ,
ঘুৰি নাচায় কাৰোফালে তেওঁৰ মহান ব্যক্তিত্বত
চেকা লাগিব বুলি ...
তেনেহেন মহান মনুষ্যৰ মনবোৰ
যেন এটি চৰাইৰ সজাঁ,
সজাঁত আৱদ্ধ মনুষ্যই বুজিব কি কৰুণ সাগৰৰ গভীৰতা,
কিমাননো চিঞৰি গাম আজি বিপ্লৱৰ গান,
আহ্ আহ্ ওলাই আহ্ সজাগ জনতা ...
আজিৰ মানৱে টকাৰ লালসাত পৰি বিক্ৰী কৰে নিজৰ বিবেকক ...
বিবেকহীন মানৱৰ মুখা পিন্ধা পশুৱে
নিজ পিতৃ মাতৃক আশ্ৰয় দিয়ে বৃদ্ধাশ্ৰমত ,
হাঃ হাঃ হাঃ এয়াই কি প্ৰকৃত মানৱৰ মানৱতা...
নৰপিশাচ তহঁতবোৰ
হৃদয় নামৰ এটি কোঠালি তাই তহঁতৰ শৰীৰত ,
তহতিও পৰিবি এদিন নৰকৰ দুৱাৰমুখত ,
আগমন হৈছে এই বিশ্বত
এক সংহাৰ কৰোঁতাৰ...
মানৱতাৰ চিনাকী কেনেকৈ দিবি
হেৰৌ অসমীয়া ...
সলনি হবৰ হল
জয়গান গাবৰ হল
মৰমেৰে মাতিবৰ সময় হল...
মা
তুমি
অনন্যা ....
-------------×--------------
বিঃ দ্ৰঃ - প্ৰান্তিকা ই-কাব্যালোচনীত প্ৰকাশিত লেখা সমূহৰ বাবে সম্পাদনা সমিতি কেতিয়াও দায়ী নহয়।
ধুনীয়া। আগলৈও লিখিবা by jonak axom