"প্ৰান্তিকা ই-কাব্যালোচনী"
।। প্ৰথম বৰ্ষ ।।
।। দ্বিতীয় সংখ্যা ।।
।। অক্টোবৰ , ২০১৮।।
।। দ্বিতীয় সংখ্যা ।।
।। অক্টোবৰ , ২০১৮।।
এই মাহৰ সংখ্যাটি সজাইছে...
(১)
"শৰৎ এক অনুভৱ" ✍ নিৰ্মালী পূজাৰী।
(২)
"তোমাক ভালপাঁও বাবেই" ✍ অৰূপ শৰ্মা।
(৩)
"পোহৰৰ ৰেঙণি" ✍ উপাসনা ভূঞা ।
(৪)
"স্বপ্নাতুৰ পৃথিৱীত" ✍ মানস প্ৰতীম ।
(৫)
"মাত" ✍ মদাৰজ্যোতি ।
(৬)
"কোলাহল " ✍ মায়ামণি দেৱী।
(৭)
"কহুৱাবনৰ প্রেয়সী" ✍ পৰাগ শৰ্মা।
(৮)
"অসহ্য যন্ত্ৰনা" ✍ দিপাংকৰ নাথ।
(৯)
"পৰিচয়" ✍ বিক্ৰম কলিতা ।
(১০)
"সোণালী সেউজী" ✍ বিজয় সূৰজ।
(১১)
"চিনেমাৰে খূহুতীয়া" ✍ পাপু বৰা।
(১২)
" কৃষকৰ শাৰদী সপোন " ✍ ৰিংকুমণি গগৈ ৷
(১৩)
"দুৰ্ভাৱনা" ✍ জয়িতা চক্ৰবৰ্তী।
(১৪)
"তোমাৰ অপেক্ষাত " ✍ অপূৰ্ব শৰ্মা বশিষ্ঠ ।
(১৫)
"ছবি" ✍ পংকজ সভাপণ্ডিত ।
(১৬)
"সন্ধ্যাপৰত" ✍ সুনয়না চাহু ।
(১৭)
"নামঘৰ" ✍ দেৱাশিষ বৰুৱা।
(১৮)
"জীৱন সংগী " ✍ অপূৰ্ব কুমাৰ ডেকা।
(১৯)
"শাৰদীয় ৰাণী তুমি দূৰ্গতিনাশিনী" ✍ ধৰিত্রী শ্ৰাৱন।
(২০)
"মৃত্যু" ✍ পলাশ জ্যোতি নাথ।
(২১)
"মাজ নিশা কোনে বাঁহী বজায়" ✍বিপ্লৱ ৰঞ্জন বৈশ্য।
(২২)
"যৌৱনৰ এজাক ধুমুহা" ✍ ৱাহিদ আহমেদ।
(২৩)
"আমাৰ গাওঁ" ✍ ধৰ্মেন্দ্ৰ ডেকা।
(২৪)
"বিননি" ✍ কবিতা কুৰ্মী।
(২৫)
"জীৱন " ✍ হিমাক্ষী বৰ্মন।
(২৬)
"তুমি আহিবানে" ✍ পাপু দাস।
(২৭)
"উপহাৰ" ✍ খগেন মটক।
(২৮)
"শৰতৰ গোন্ধ" ✍ মিঠু শৰ্ম্মা।
(২৯)
"ব্ৰেকিং নিউজ" ✍ নিহাৰীকা শইকীয়া।
(৩০)
"বিদীৰ্ণ " ✍ শান্তনু বৰা।
(৩১)
"শাৰদী" ✍ প্ৰাচুৰ্য বৰা।
(৩২)
"অস্পৃশ্যৰ ক্ষোভ" ✍ হিমাংকু বৰা।
(৩৩)
"অশান্ত সময়" ✍ এনিশা শৰ্মা।
(৩৪)
"সুবাস" ✍ ময়ুৰী গোস্বামী।
(৩৫)
"স্তব্ধ চাৰিটা হাঁহি" ✍ জিন্তু ভুঞা।
(৩৬)
" সুৰক্ষা " ✍ ৰাণাদ্বীপ কৌশিক।
(৩৭)
"উন্মুক্ত" ✍ মনীষা বৰা।
(৩৮)
"অনুভৱৰ সাজ" ✍ হিৰকজ্যোতি শৰ্মা।
(৩৯)
"ৰিক্ত হৃদয়ৰ কৰুণ সুৰ" ✍ ভাগ্যশ্ৰী শৰ্মা।
(৪০)
"বিশ্ববিদ্যালয়ৰ মোৰ সেইজনী" ✍ হেমন্ত কুমাৰ চাহ।
"শৰৎ এক অনুভৱ" ✍ নিৰ্মালী পূজাৰী।
(২)
"তোমাক ভালপাঁও বাবেই" ✍ অৰূপ শৰ্মা।
(৩)
"পোহৰৰ ৰেঙণি" ✍ উপাসনা ভূঞা ।
(৪)
"স্বপ্নাতুৰ পৃথিৱীত" ✍ মানস প্ৰতীম ।
(৫)
"মাত" ✍ মদাৰজ্যোতি ।
(৬)
"কোলাহল " ✍ মায়ামণি দেৱী।
(৭)
"কহুৱাবনৰ প্রেয়সী" ✍ পৰাগ শৰ্মা।
(৮)
"অসহ্য যন্ত্ৰনা" ✍ দিপাংকৰ নাথ।
(৯)
"পৰিচয়" ✍ বিক্ৰম কলিতা ।
(১০)
"সোণালী সেউজী" ✍ বিজয় সূৰজ।
(১১)
"চিনেমাৰে খূহুতীয়া" ✍ পাপু বৰা।
(১২)
" কৃষকৰ শাৰদী সপোন " ✍ ৰিংকুমণি গগৈ ৷
(১৩)
"দুৰ্ভাৱনা" ✍ জয়িতা চক্ৰবৰ্তী।
(১৪)
"তোমাৰ অপেক্ষাত " ✍ অপূৰ্ব শৰ্মা বশিষ্ঠ ।
(১৫)
"ছবি" ✍ পংকজ সভাপণ্ডিত ।
(১৬)
"সন্ধ্যাপৰত" ✍ সুনয়না চাহু ।
(১৭)
"নামঘৰ" ✍ দেৱাশিষ বৰুৱা।
(১৮)
"জীৱন সংগী " ✍ অপূৰ্ব কুমাৰ ডেকা।
(১৯)
"শাৰদীয় ৰাণী তুমি দূৰ্গতিনাশিনী" ✍ ধৰিত্রী শ্ৰাৱন।
(২০)
"মৃত্যু" ✍ পলাশ জ্যোতি নাথ।
(২১)
"মাজ নিশা কোনে বাঁহী বজায়" ✍বিপ্লৱ ৰঞ্জন বৈশ্য।
(২২)
"যৌৱনৰ এজাক ধুমুহা" ✍ ৱাহিদ আহমেদ।
(২৩)
"আমাৰ গাওঁ" ✍ ধৰ্মেন্দ্ৰ ডেকা।
(২৪)
"বিননি" ✍ কবিতা কুৰ্মী।
(২৫)
"জীৱন " ✍ হিমাক্ষী বৰ্মন।
(২৬)
"তুমি আহিবানে" ✍ পাপু দাস।
(২৭)
"উপহাৰ" ✍ খগেন মটক।
(২৮)
"শৰতৰ গোন্ধ" ✍ মিঠু শৰ্ম্মা।
(২৯)
"ব্ৰেকিং নিউজ" ✍ নিহাৰীকা শইকীয়া।
(৩০)
"বিদীৰ্ণ " ✍ শান্তনু বৰা।
(৩১)
"শাৰদী" ✍ প্ৰাচুৰ্য বৰা।
(৩২)
"অস্পৃশ্যৰ ক্ষোভ" ✍ হিমাংকু বৰা।
(৩৩)
"অশান্ত সময়" ✍ এনিশা শৰ্মা।
(৩৪)
"সুবাস" ✍ ময়ুৰী গোস্বামী।
(৩৫)
"স্তব্ধ চাৰিটা হাঁহি" ✍ জিন্তু ভুঞা।
(৩৬)
" সুৰক্ষা " ✍ ৰাণাদ্বীপ কৌশিক।
(৩৭)
"উন্মুক্ত" ✍ মনীষা বৰা।
(৩৮)
"অনুভৱৰ সাজ" ✍ হিৰকজ্যোতি শৰ্মা।
(৩৯)
"ৰিক্ত হৃদয়ৰ কৰুণ সুৰ" ✍ ভাগ্যশ্ৰী শৰ্মা।
(৪০)
"বিশ্ববিদ্যালয়ৰ মোৰ সেইজনী" ✍ হেমন্ত কুমাৰ চাহ।
××××××××××××××××××××××
××××××××××××××××××××××
××××××××××××××××××××××
(১)
"শৰৎ এক অনুভৱ"
"শৰৎ এক অনুভৱ"
✍ নিৰ্মালী পূজাৰী।
ফুলিলে শেৱালি সুগন্ধীত মোৰ পদূলি
শৰতৰ আগমনে মোক কৰিছে বাঁউলি
শুভ্ৰ কহুৱাই মোক কৰিছে অশান্ত
মনত বলিছে বা' প্ৰশান্ত
দুৱৰিত নিয়ৰ নহয় যেন
মুকুতাহে সৰিছে
স্তব্ধ হিয়া মোৰ
শাত পেলাইছে
সুগন্ধী ফুলিছে
পথাৰত সোনগুটি ধৰিছে
শৰতে মোৰ মন-প্ৰাণ
আকৌ বলীয়া কৰিছে।।
…………………×…………………
শৰতৰ আগমনে মোক কৰিছে বাঁউলি
শুভ্ৰ কহুৱাই মোক কৰিছে অশান্ত
মনত বলিছে বা' প্ৰশান্ত
দুৱৰিত নিয়ৰ নহয় যেন
মুকুতাহে সৰিছে
স্তব্ধ হিয়া মোৰ
শাত পেলাইছে
সুগন্ধী ফুলিছে
পথাৰত সোনগুটি ধৰিছে
শৰতে মোৰ মন-প্ৰাণ
আকৌ বলীয়া কৰিছে।।
…………………×…………………
(২)
"তোমাক ভালপাঁও বাবেই"
✍ অৰূপ শৰ্মা।
তামুলপুৰ , জিলা - বাকচা
"তোমাক ভালপাঁও বাবেই"
✍ অৰূপ শৰ্মা।
তামুলপুৰ , জিলা - বাকচা
চিন্তাৰ চিকমিকনিত ভাহি আহে,
বাৰে-ৰহণীয়া ভাৱনাৰ নৈ …
কেতিয়াবা স্বপ্নিল সঞ্জীৱনী ;
আৰু কেতিয়াবা …
নিৰাশাৰ গোলাপ এপাহি।
তোমাক ভালপাওঁ বাবেই …
নীলাভ শৰতৰ জোনালী আছে,
নিশাৰ কোলাত,
শেৱালিৰ সুৰভি ও আছে ।
আৰু আছে …
কল্পনাৰ এক বৰ্ণিল প্ৰাণোময় পৃথিৱী।
য'ত, মোৰ ৰ'দালি হৈ বৈ অহা,
তুমি সৃষ্টিৰ নিজৰা।।
কেতিয়াবা ভাৱো …
তুমি আছা বাবেই পৃথিৱীখন ধুনিয়া,
নে … ?
তোমাক বিচাৰো বাবেই জীৱন অৰ্থপূৰ্ণ।।
অৱশ্যে,
তোমাক ভালপাঁও বাবেই …
পাই হেৰুওৱাৰ সংশয় আছে।
তুমি হীনতাত,
অভিমানি অভিযোগ ও আছে।
আৰু আছে …
বুকু পোৰা মাতাল নিশাৰ বিননি ।
য'ত, জীৱন শেষ কৰিব খোজা,
বিষাদৰ বিষ এপিয়লা।।
আৰু, তেতিয়া ভাৱো …
তোমাক ভালপাঁও বাবেই দুখ পাঁও,
নে … ?
দুখ পাবৰ বাবেই তোমাক ভালপাঁও !
সঁচাকে,
মনগহনৰ এটি কোণত,
তোমাক ভালপাঁও বাবেই …
নুবুজা ভাৱৰ প্ৰবাহিত,
কিমান যে বৰণ।।
…………………×…………………
বাৰে-ৰহণীয়া ভাৱনাৰ নৈ …
কেতিয়াবা স্বপ্নিল সঞ্জীৱনী ;
আৰু কেতিয়াবা …
নিৰাশাৰ গোলাপ এপাহি।
তোমাক ভালপাওঁ বাবেই …
নীলাভ শৰতৰ জোনালী আছে,
নিশাৰ কোলাত,
শেৱালিৰ সুৰভি ও আছে ।
আৰু আছে …
কল্পনাৰ এক বৰ্ণিল প্ৰাণোময় পৃথিৱী।
য'ত, মোৰ ৰ'দালি হৈ বৈ অহা,
তুমি সৃষ্টিৰ নিজৰা।।
কেতিয়াবা ভাৱো …
তুমি আছা বাবেই পৃথিৱীখন ধুনিয়া,
নে … ?
তোমাক বিচাৰো বাবেই জীৱন অৰ্থপূৰ্ণ।।
অৱশ্যে,
তোমাক ভালপাঁও বাবেই …
পাই হেৰুওৱাৰ সংশয় আছে।
তুমি হীনতাত,
অভিমানি অভিযোগ ও আছে।
আৰু আছে …
বুকু পোৰা মাতাল নিশাৰ বিননি ।
য'ত, জীৱন শেষ কৰিব খোজা,
বিষাদৰ বিষ এপিয়লা।।
আৰু, তেতিয়া ভাৱো …
তোমাক ভালপাঁও বাবেই দুখ পাঁও,
নে … ?
দুখ পাবৰ বাবেই তোমাক ভালপাঁও !
সঁচাকে,
মনগহনৰ এটি কোণত,
তোমাক ভালপাঁও বাবেই …
নুবুজা ভাৱৰ প্ৰবাহিত,
কিমান যে বৰণ।।
…………………×…………………
(৩)
"পোহৰৰ ৰেঙণি"
"পোহৰৰ ৰেঙণি"
✍ উপাসনা ভূঞা ।
বিহপুৰীয়া মহাবিদ্যালয় , বিহপুৰীয়া ।
লখিমপুৰ (অসম) ।
বিহপুৰীয়া মহাবিদ্যালয় , বিহপুৰীয়া ।
লখিমপুৰ (অসম) ।
পোহৰ,
হেজাৰ - বিজাৰ পোহৰৰ ৰেঙণি...
যেন দূৰ - সুদূৰ মেৰুপ্ৰান্তত থিয় হৈ ৰৈছোঁ !
বৰ্ণময় ব্যোম ,
এক অদ্ভুত ভূমিৰ মাজত থিয় দি,
দিগবলয়ৰ ফালে মুখ কৰি
মেলি দিলোঁ
কাঙাল মোৰ দুহাত....।
ধীৰে ধীৰে ব্যোমৰ নীলাক নেওচি,
উন্মোচিত হৈছে পোহৰ , কেৱল পোহৰ ।
ক্ৰমাৎ
সেই পোহৰে ক্ষিতিক বুৰাই পেলালে ,
বুৰি গৈছোঁ মইয়ো...
ভৰিৰ তলুৱাৰ পৰা
শিৰাই শিৰাই প্ৰৱেশ কৰিলে
পোহৰৰ সুঁতি , মোৰ দেহলৈ ।
পাহৰি পেলাইছোঁ ,
মোৰ অতীত , বৰ্তমান , ভৱিষ্যত;
মোৰ পৰিচয় , মোৰ সত্বা ।
কেৱল পোহৰে
বাহিৰ - ভিতৰ উন্মত্তৰে
উজ্বলাই তোলা
এক উৎসৱহে যেন মই ।।
…………………×………………
হেজাৰ - বিজাৰ পোহৰৰ ৰেঙণি...
যেন দূৰ - সুদূৰ মেৰুপ্ৰান্তত থিয় হৈ ৰৈছোঁ !
বৰ্ণময় ব্যোম ,
এক অদ্ভুত ভূমিৰ মাজত থিয় দি,
দিগবলয়ৰ ফালে মুখ কৰি
মেলি দিলোঁ
কাঙাল মোৰ দুহাত....।
ধীৰে ধীৰে ব্যোমৰ নীলাক নেওচি,
উন্মোচিত হৈছে পোহৰ , কেৱল পোহৰ ।
ক্ৰমাৎ
সেই পোহৰে ক্ষিতিক বুৰাই পেলালে ,
বুৰি গৈছোঁ মইয়ো...
ভৰিৰ তলুৱাৰ পৰা
শিৰাই শিৰাই প্ৰৱেশ কৰিলে
পোহৰৰ সুঁতি , মোৰ দেহলৈ ।
পাহৰি পেলাইছোঁ ,
মোৰ অতীত , বৰ্তমান , ভৱিষ্যত;
মোৰ পৰিচয় , মোৰ সত্বা ।
কেৱল পোহৰে
বাহিৰ - ভিতৰ উন্মত্তৰে
উজ্বলাই তোলা
এক উৎসৱহে যেন মই ।।
…………………×………………
(৪)
"স্বপ্নাতুৰ পৃথীৱিত"
"স্বপ্নাতুৰ পৃথীৱিত"
✍ মানস প্ৰতীম ।
কাগয়ু্ং,শিৱসাগৰ
Mobile no 7662924871
কাগয়ু্ং,শিৱসাগৰ
Mobile no 7662924871
স্বপ্নাতুৰ পৃথীৱিত অৰঙে দৰঙে
ঘূৰি ফুৰা মই এজন ভাগৰুৱা পথিক
কেতিয়াবা আকাশ হওঁ আৰু
কেতিয়াবা বৰষুণ হৈ নামে চকুলোঁ ।
ঘূৰি ফুৰা মই এজন ভাগৰুৱা পথিক
কেতিয়াবা আকাশ হওঁ আৰু
কেতিয়াবা বৰষুণ হৈ নামে চকুলোঁ ।
স্বত:স্ফূৰ্ত লগা সপোন
অসীম সীমনাত উটি বাহি নিমিষতে
ধূলিস্বাৎত হৈ ৰয় ।
অসীম সীমনাত উটি বাহি নিমিষতে
ধূলিস্বাৎত হৈ ৰয় ।
বুকুৰ মাজত আন্দোলিত শব্দ
জ্বালামুখীৰ খান্দৱদাহনত
আস্ফালীত নিগত জুই
দেই পুৰি যায় নিথৰ দেহ ।
জ্বালামুখীৰ খান্দৱদাহনত
আস্ফালীত নিগত জুই
দেই পুৰি যায় নিথৰ দেহ ।
থমকি ৰওঁ নিৰৱে
হাৰ মনা নাই নিজকে
বাৰে বাৰে পৰীক্ষা কৰি চাওঁ
নিজক জ্বলাই চাওঁ ।
হাৰ মনা নাই নিজকে
বাৰে বাৰে পৰীক্ষা কৰি চাওঁ
নিজক জ্বলাই চাওঁ ।
ফিনিস্ক পখীৰ দৰে চাই ফুৰোঁ
জ্বলি ৰোৱা ছাঁইৰ মাজত ক'ৰবাত
আহাৰৰ সন্ধান।।
…………………×…………………
জ্বলি ৰোৱা ছাঁইৰ মাজত ক'ৰবাত
আহাৰৰ সন্ধান।।
…………………×…………………
(৫)
"মাত"
"মাত"
✍ মদাৰজ্যোতি ।
গছৰ খোৰোঙত বাহত
মাকৰ ঠোঁটৰ আহাৰৰ আশাত
চৰাইৰ পোৱালি
মাকৰ ঠোঁটৰ আহাৰৰ আশাত
চৰাইৰ পোৱালি
গৰখীয়াৰ হাতত ৰাতিৰ নিজানত
ফুঁ পৰে বাঁহীত
শুই পৰা ঘৰবোৰৰ পৰা
হাতত সাৰে ভৰিত সাৰে ৰাধা
ফুঁ পৰে বাঁহীত
শুই পৰা ঘৰবোৰৰ পৰা
হাতত সাৰে ভৰিত সাৰে ৰাধা
তোমাৰ মাত নিজৰাৰ সুৰ
আইৰ মাতৰ ছাঁ
আইৰ মাতৰ ছাঁ
আজলী ভৰাই পিও
আৰু নিবাৰণ কৰোঁ আত্মাৰ ভোক
ভাৱৰীয়া মুখ ধুও
আৰু পিন্ধো আচল মানুহৰ সাজ
আৰু নিবাৰণ কৰোঁ আত্মাৰ ভোক
ভাৱৰীয়া মুখ ধুও
আৰু পিন্ধো আচল মানুহৰ সাজ
তোমাৰ মাত শংখ-কণ্ঠৰ নিনাদ
অনুকৰণ কৰোঁ অনুসৰণ কৰোঁ
আৰু শব্দ তুলি দেৱ দুন্দুভিৰ
শক্তিশালী কৰোঁ শ্ৰৱনেন্দ্ৰীয়
অনুকৰণ কৰোঁ অনুসৰণ কৰোঁ
আৰু শব্দ তুলি দেৱ দুন্দুভিৰ
শক্তিশালী কৰোঁ শ্ৰৱনেন্দ্ৰীয়
তোমাৰ মাত বিহনে অনাহাৰী
তোমাৰ মাত বিহনে অতৃপ্ত
তোমাৰ মাত বিহনে তৃষ্ণাতুৰ
তোমাৰ মাত বিহনে অতৃপ্ত
তোমাৰ মাত বিহনে তৃষ্ণাতুৰ
বধিৰ এই কবিক শুনিবলৈ দিয়া
তোমাৰ হৃদয়ৰ শব্দ
মোৰ সুক্ষ্ম শৰীৰৰ বাহকেৰে।।
…………………×…………………
তোমাৰ হৃদয়ৰ শব্দ
মোৰ সুক্ষ্ম শৰীৰৰ বাহকেৰে।।
…………………×…………………
(৬)
" কোলাহল "
" কোলাহল "
✍ মায়ামণি দেৱী , নগাঁও ।
কু-কুৱেক-কুৱাক-
কু-কুৱেক কুৱাক,ৱেক ৱেক
মূৰৰ ওপৰেদি পাৰ হৈ যোৱা এজাক
চৰাই মিঠা কোলাহল
আত্মবিভোৰ মন প্ৰাণ ,।
কু-কুৱেক কুৱাক,ৱেক ৱেক
মূৰৰ ওপৰেদি পাৰ হৈ যোৱা এজাক
চৰাই মিঠা কোলাহল
আত্মবিভোৰ মন প্ৰাণ ,।
গোবৰৰ দমৰ পৰা খুচৰি খুচৰি অনা
ৰঙা কেচু কেইডাল
কচুপাতৰ টোপোলা খুলি পলাল ,
ধাননি মাজৰ পানীত ওপঙি থকা
শুকান মৰাঠাৰিৰ পুঙাটো
বৰশী চিপটোৰ পৰা সুতা চিঙি হেৰাল --।
ৰঙা কেচু কেইডাল
কচুপাতৰ টোপোলা খুলি পলাল ,
ধাননি মাজৰ পানীত ওপঙি থকা
শুকান মৰাঠাৰিৰ পুঙাটো
বৰশী চিপটোৰ পৰা সুতা চিঙি হেৰাল --।
পানীপূৰ্ণ টেমাটোত গৰৈ চেঙেলী দুটা
ধনীয়া আৰু কেঁচা পিঁয়াজ সনা
পোৰামাছৰ পিটিকাৰে
সন্ধিয়াতেই আইতাই দিয়া
এচৰিয়া পানী দিয়া ভাত খাই
শান্তিৰ টোপনিত লালকাল ---।
ধনীয়া আৰু কেঁচা পিঁয়াজ সনা
পোৰামাছৰ পিটিকাৰে
সন্ধিয়াতেই আইতাই দিয়া
এচৰিয়া পানী দিয়া ভাত খাই
শান্তিৰ টোপনিত লালকাল ---।
কি যে মৌ মিঠা --
গাঁৱৰ কেচা মাটি পানীৰ পৰশত
তহানিৰ সোণালী শৈশৱ ।
কু কুৱেক কুৱাক কুৱাক ৱেক ৱেক
আবেলিৰ এজাক চৰাইৰ মিঠা কোলাহল ।
গাঁৱৰ কেচা মাটি পানীৰ পৰশত
তহানিৰ সোণালী শৈশৱ ।
কু কুৱেক কুৱাক কুৱাক ৱেক ৱেক
আবেলিৰ এজাক চৰাইৰ মিঠা কোলাহল ।
যান -জঁটৰ ঘেৰঘেৰণি
কল কাৰখানাৰ শব্দত
এতিয়া নগৰ চহৰত কোলাহল
চাৰিওফালে চক্ৰবেহু প্ৰদুষণৰ ---।
কল কাৰখানাৰ শব্দত
এতিয়া নগৰ চহৰত কোলাহল
চাৰিওফালে চক্ৰবেহু প্ৰদুষণৰ ---।
বহু দিনেই হ'ল নিয়ৰসনা ঘাঁহনিৰ
সুকোমল পৰশ নোপোৱা
চহৰৰ পকি মজিয়াত খোজকাঢ়ি কাঢ়ি
ভৰিৰ তলুৱাৰ অসহ্য পোৰণি --- !
সুকোমল পৰশ নোপোৱা
চহৰৰ পকি মজিয়াত খোজকাঢ়ি কাঢ়ি
ভৰিৰ তলুৱাৰ অসহ্য পোৰণি --- !
চহৰতকৈ গাঁৱখনি মোৰ বহুতেই ভাল
কু কুৱেক কুৱাক কুৱাক
কু কুৱেক কুৱাক কুৱাক
এজাক চৰাইৰ মিঠা কোলাহল -
চহৰত চাৰিওফালৰ প্ৰদুষণৰ চক্ৰবেহুত
জীৱন মৰণ যুঁজ --।।
…………………×………………
কু কুৱেক কুৱাক কুৱাক
কু কুৱেক কুৱাক কুৱাক
এজাক চৰাইৰ মিঠা কোলাহল -
চহৰত চাৰিওফালৰ প্ৰদুষণৰ চক্ৰবেহুত
জীৱন মৰণ যুঁজ --।।
…………………×………………
(৭)
"কহুৱাবনৰ প্রেয়সী"
"কহুৱাবনৰ প্রেয়সী"
✍ পৰাগ শৰ্মা। ( নলবাৰী )
যিদিনা আহিছিলা কহুৱাৰ দেশলৈ,
কহুৱাৰ ৰঙেৰে নিজক ৰঙীৱলৈ.
বকুলৰ তলিত কহুৱাৰ বাকৰিত
দেখিছিলো তোমাৰ মুখনি ,
চেচাঁ পৰা শীতল বতাহজাকে
কহুৱাৰ মনত দি যায় প্রেমৰ অফুৰন্ত জোৱাৰ,
সেই প্রেম বতাহে তোমাকো নচুৱাই ;
তোমাৰ নাচোনত মুগ্ধ হিয়া মোৰ,
স্বপ্ননিদ্ৰাত মাথো তোমাৰেই ছৱি
কহুৱাবনৰ প্রেয়সী মোৰ
সিচিলা শুকুলা প্রেম,
কহুৱাৰ পৰশত মোৰ হৃদয়ত
সজালা স্বপ্নমহল।
তুমিয়ে প্রেয়সী জীৱনৰ
লিখিলো মনৰ দাপোণত।
পাহৰিৱ নোৱাৰো তোমাক আতৰাৱ নোৱাৰো নিজক,
কহুৱাৰ মায়াৰে তোমাৰ হাতত চপিলো নিজক।
বতাহ বলিৱ কহুৱাই নাচিৱ,
উৰিৱ শুভ্ৰ তুলা.
তাৰেই এপাহি তুলা তোমাৰ গালত লাগি
দিৱহি মৰমৰ চুমা।
প্রভাতী সুৰুযৰ অস্তবেলাত
ক্লান্ত কহুৱাই পাৰিৱ বিশ্ৰামৰ দোলা,
কহুৱাৰ ৰাণী তুমি খেলিলা ভাগৰৰ খেলা
ভাগৰৰ টোপনীক আদৰিৱলৈ পাৰিছোহি মৰমৰ কোলা।।
ইতি!
পৰাগ ।।
…………………×………………
কহুৱাৰ ৰঙেৰে নিজক ৰঙীৱলৈ.
বকুলৰ তলিত কহুৱাৰ বাকৰিত
দেখিছিলো তোমাৰ মুখনি ,
চেচাঁ পৰা শীতল বতাহজাকে
কহুৱাৰ মনত দি যায় প্রেমৰ অফুৰন্ত জোৱাৰ,
সেই প্রেম বতাহে তোমাকো নচুৱাই ;
তোমাৰ নাচোনত মুগ্ধ হিয়া মোৰ,
স্বপ্ননিদ্ৰাত মাথো তোমাৰেই ছৱি
কহুৱাবনৰ প্রেয়সী মোৰ
সিচিলা শুকুলা প্রেম,
কহুৱাৰ পৰশত মোৰ হৃদয়ত
সজালা স্বপ্নমহল।
তুমিয়ে প্রেয়সী জীৱনৰ
লিখিলো মনৰ দাপোণত।
পাহৰিৱ নোৱাৰো তোমাক আতৰাৱ নোৱাৰো নিজক,
কহুৱাৰ মায়াৰে তোমাৰ হাতত চপিলো নিজক।
বতাহ বলিৱ কহুৱাই নাচিৱ,
উৰিৱ শুভ্ৰ তুলা.
তাৰেই এপাহি তুলা তোমাৰ গালত লাগি
দিৱহি মৰমৰ চুমা।
প্রভাতী সুৰুযৰ অস্তবেলাত
ক্লান্ত কহুৱাই পাৰিৱ বিশ্ৰামৰ দোলা,
কহুৱাৰ ৰাণী তুমি খেলিলা ভাগৰৰ খেলা
ভাগৰৰ টোপনীক আদৰিৱলৈ পাৰিছোহি মৰমৰ কোলা।।
ইতি!
পৰাগ ।।
…………………×………………
(৮)
"অসহ্য যন্ত্ৰনা"
"অসহ্য যন্ত্ৰনা"
✍ দিপাংকৰ নাথ।
মানসিকতা নাই তোমাক কোৱাৰ
হেৰুৱাই আৰু বেছি দূৰ হেৰুৱাৰ ভয় ।
তুমি হীনতাই
তিল তিল ক'য় গ্ৰাস কৰিছে মোক....
হেৰুৱাই আৰু বেছি দূৰ হেৰুৱাৰ ভয় ।
তুমি হীনতাই
তিল তিল ক'য় গ্ৰাস কৰিছে মোক....
অস্হিৰ এটি জীৱন
ঠিকনা নতুন
আৰু
তোমাৰ অপৰিচয়....
ঠিকনা নতুন
আৰু
তোমাৰ অপৰিচয়....
তোমাক সুখি কৰা প্ৰতিশ্ৰুতিৰে...
ঢ়াকি ঢ়াকি বেদনাবোৰ...
মই
এটি ভগ্ন প্ৰজাত
তোমাৰ গোপনে.....
ঢ়াকি ঢ়াকি বেদনাবোৰ...
মই
এটি ভগ্ন প্ৰজাত
তোমাৰ গোপনে.....
তোমাক হেৰুবাই
আৰু বেছি দূৰ হেৰুৱাৰ ভয়ত ।।
…………………×………………
আৰু বেছি দূৰ হেৰুৱাৰ ভয়ত ।।
…………………×………………
(৯)
"পৰিচয়"
"পৰিচয়"
✍ বিক্ৰম কলিতা ।
গাঁও:ত্ৰিলোচন(বকো)
Mob: 8638730836
গাঁও:ত্ৰিলোচন(বকো)
Mob: 8638730836
আজি হাহাকাৰ
মই মোৰ পৰিচয় বিচাৰি
হিংসা-সন্ত্ৰাসেৰে জৰ্জৰিত
ঠাইখনত মোৰেই বা পৰিচয় কি!
বিকৃত মানসিকতাত
কলুষিত আজি মই
কাণ পাতিলেই শুনো মই
ধর্ষণকাৰীৰ বিজয় উল্লাস।
সিহঁতবোৰৰ উন্মাদনাত
পাহৰি যাওঁ মই মোৰ পৰিচয়।
সাৰি যোৱা নাই মাতৃ,ভগ্নী,জিয়ৰী
ধিক্কাৰ সেই জাতি
আজি দেখো নিৰাপদ নহয় অন্তসত্তা নাৰী।
ক'ত দিওঁ মই মোৰ পৰিচয়
নে সেইসকল কুলঙ্গাৰৰ মাজত!
বচাব পাৰিছো জানো মই
সেইসকল নাৰীক!!
যাৰ ঔৰষতে জনম মোৰ।
নির্লজ-নিৰ্লিপ্ত ভাবে
বিচৰণ কৰিছে সিহঁতবোৰে,
মই আজি নিজেই নিজৰ মাজত লজ্জিত
নিজৰ পৰিচয় বিচাৰি।
মই আত্মবলিদান নিদিওঁ
সিহঁতবোৰৰ মাজত
মই মোৰ পৰিচয় বিচাৰি।।
…………………×………………
মই মোৰ পৰিচয় বিচাৰি
হিংসা-সন্ত্ৰাসেৰে জৰ্জৰিত
ঠাইখনত মোৰেই বা পৰিচয় কি!
বিকৃত মানসিকতাত
কলুষিত আজি মই
কাণ পাতিলেই শুনো মই
ধর্ষণকাৰীৰ বিজয় উল্লাস।
সিহঁতবোৰৰ উন্মাদনাত
পাহৰি যাওঁ মই মোৰ পৰিচয়।
সাৰি যোৱা নাই মাতৃ,ভগ্নী,জিয়ৰী
ধিক্কাৰ সেই জাতি
আজি দেখো নিৰাপদ নহয় অন্তসত্তা নাৰী।
ক'ত দিওঁ মই মোৰ পৰিচয়
নে সেইসকল কুলঙ্গাৰৰ মাজত!
বচাব পাৰিছো জানো মই
সেইসকল নাৰীক!!
যাৰ ঔৰষতে জনম মোৰ।
নির্লজ-নিৰ্লিপ্ত ভাবে
বিচৰণ কৰিছে সিহঁতবোৰে,
মই আজি নিজেই নিজৰ মাজত লজ্জিত
নিজৰ পৰিচয় বিচাৰি।
মই আত্মবলিদান নিদিওঁ
সিহঁতবোৰৰ মাজত
মই মোৰ পৰিচয় বিচাৰি।।
…………………×………………
(১০)
"সোণালী সেউজী"
✍ বিজয় সূৰজ।
"সোণালী সেউজী"
✍ বিজয় সূৰজ।
সপোনবোৰে লহপহকৈ
বাঢ়িব ধৰিছে
মোৰ বুকুৰ মাজত ;
সেউজ সেউজ লগা
তোমাৰ মিঠা হাঁহিটিয়ে
আশাৰ ৰেঙণি আনিছে
কৃষক ৰণুৱাৰ মনত ।
বাঢ়িব ধৰিছে
মোৰ বুকুৰ মাজত ;
সেউজ সেউজ লগা
তোমাৰ মিঠা হাঁহিটিয়ে
আশাৰ ৰেঙণি আনিছে
কৃষক ৰণুৱাৰ মনত ।
সেউজী ধুনীয়া ধৰণীয়ে
সজাই তুলিছে
খেতিয়কৰ কেঁচা ঘাম ;
শেৱালী জুপিয়ে আমোল মোলাইছে
গাইছে শাৰদীয় গান ।
সজাই তুলিছে
খেতিয়কৰ কেঁচা ঘাম ;
শেৱালী জুপিয়ে আমোল মোলাইছে
গাইছে শাৰদীয় গান ।
শাৰদীয়ৰ শীতল চুম্বনত
চেঁচা টোপাল নিগৰিছে ;
দেহৰ কোষত জননী আইয়ে
ন জীৱনটিক সজাল কৰিছে ।
চেঁচা টোপাল নিগৰিছে ;
দেহৰ কোষত জননী আইয়ে
ন জীৱনটিক সজাল কৰিছে ।
সোণালী ৰহণলৈ
সেউজীয়ে পিন্ধিব
নিহলৰ সোণগুটি
তাকে দেখি উদ্মাদনা
আমাৰে দাৱনী !!
…………………×………………
সেউজীয়ে পিন্ধিব
নিহলৰ সোণগুটি
তাকে দেখি উদ্মাদনা
আমাৰে দাৱনী !!
…………………×………………
(১১)
"চিনেমাৰে খূহুতীয়া"
"চিনেমাৰে খূহুতীয়া"
✍ পাপু বৰা। (বুঢ়াবুঢ়ী)
বুকুৰ মাজত জ্বলে
গেষ্টিকেই মোৰ সোণ ।
জোন দা ইমান গুন্দা
মৰিয়াই কৰিব পোন।।
কাদম্বৰিৰ প্ৰেমৰ জ্বালা
বহুতেই জ্যাদা ।
কচুগুতিক পিতি পিতি
কৰিব ঠান্দা ।।
চুৰেন চোৰৰ পুতেককেই
জেলতে ভৰাই ।
অগ্নিসাক্ষী কৰি লৈ
লাঠীৰে কোৱাই ।।
উজনিৰ দুজনী গাভৰু
দেখাত একে ।
হিয়া দিয়া নিয়া চলে
অন্তৰে অন্তৰে ।।
কইনা মোৰ ধুনীয়া মই
দৰাৰ সাজত ।
সমীৰন বৰুৱা আহি আছে
সখীৰ ৰূপত ।।
…………………×………………
গেষ্টিকেই মোৰ সোণ ।
জোন দা ইমান গুন্দা
মৰিয়াই কৰিব পোন।।
কাদম্বৰিৰ প্ৰেমৰ জ্বালা
বহুতেই জ্যাদা ।
কচুগুতিক পিতি পিতি
কৰিব ঠান্দা ।।
চুৰেন চোৰৰ পুতেককেই
জেলতে ভৰাই ।
অগ্নিসাক্ষী কৰি লৈ
লাঠীৰে কোৱাই ।।
উজনিৰ দুজনী গাভৰু
দেখাত একে ।
হিয়া দিয়া নিয়া চলে
অন্তৰে অন্তৰে ।।
কইনা মোৰ ধুনীয়া মই
দৰাৰ সাজত ।
সমীৰন বৰুৱা আহি আছে
সখীৰ ৰূপত ।।
…………………×………………
(১২)
" কৃষকৰ শাৰদী সপোন "
" কৃষকৰ শাৰদী সপোন "
✍ ৰিংকুমণি গগৈ ৷
কাকপথাৰ (তিনিচুকীয়া)
কাকপথাৰ (তিনিচুকীয়া)
ইমান ৰঙৰ পোহাৰ
কেনেকৈ ধৰাত সিঁচা
তাকে ভাৱি
থৰ লাগি চাওঁ ৰয়
শাৰদী কোমল পৰশ ঢালি
দেহ-মন চুইছাহি
হিম চেচাঁ কুঁৱলীৰ
আঁচল খনি লৈ
হিয়াত মোৰ গুজিছা
গাখীৰতি ধানৰ থুপি থুপি আশা
দুভৰি তিয়াইছা
পুৱাৰ দুৱৰিৰ নিয়ৰৰ চেঁচাই
জীপাল সেউজ হেঁপাহবোৰ
সোণ হালধীয়া হোৱালৈকে
বাট চাই ৰৈ আছোঁ
"তুমি" --- তুমি মোৰ হবা
এবাৰলেও আহিবা
উদং ভড়াললৈ মোৰ
মৌ সৰা হাঁহিৰে
বুকুখনি দিবা উপচাই
উশাহ আৰু নিশ্বাসত
তোমাকেই সাৱতি ৰম
সঞ্জীৱনী ৰূপে
জীৱনৰ অন্তিমলৈ ।।
…………………×………………
কেনেকৈ ধৰাত সিঁচা
তাকে ভাৱি
থৰ লাগি চাওঁ ৰয়
শাৰদী কোমল পৰশ ঢালি
দেহ-মন চুইছাহি
হিম চেচাঁ কুঁৱলীৰ
আঁচল খনি লৈ
হিয়াত মোৰ গুজিছা
গাখীৰতি ধানৰ থুপি থুপি আশা
দুভৰি তিয়াইছা
পুৱাৰ দুৱৰিৰ নিয়ৰৰ চেঁচাই
জীপাল সেউজ হেঁপাহবোৰ
সোণ হালধীয়া হোৱালৈকে
বাট চাই ৰৈ আছোঁ
"তুমি" --- তুমি মোৰ হবা
এবাৰলেও আহিবা
উদং ভড়াললৈ মোৰ
মৌ সৰা হাঁহিৰে
বুকুখনি দিবা উপচাই
উশাহ আৰু নিশ্বাসত
তোমাকেই সাৱতি ৰম
সঞ্জীৱনী ৰূপে
জীৱনৰ অন্তিমলৈ ।।
…………………×………………
(১৩)
"দুৰ্ভাৱনা"
"দুৰ্ভাৱনা"
✍ জয়িতা চক্ৰবৰ্তী।
সাপেখাতী.
পিন:-৭৮৫৬৯২
ই-মেইল:-joyitamy@gmail.com
সাপেখাতী.
পিন:-৭৮৫৬৯২
ই-মেইল:-joyitamy@gmail.com
"মনটো ভাল নাই...!!
হতাশ আৰু আবেগত
উজাগৰী নিশা পাৰ কৰিছোঁ
ভীষণ উদ্বেগত...॥
হতাশ আৰু আবেগত
উজাগৰী নিশা পাৰ কৰিছোঁ
ভীষণ উদ্বেগত...॥
কি হ'ব এতিয়া?? হায়...ভগবান!!!
মোৰও যে ঘৰত ছোৱালী সন্তান..!!
কেনেকৈ পঠিয়াম তাইক স্কুললৈ?
যদি কোনোৱাই মাতি নিয়ে নিৰ্জনলৈ!!
তাৰপিছত...কোনে জানে?
তাইৰ কোমল দেহাত যদি
ৰঙা তেজৰ কালিমা সানে??
বঁচাব পাৰিম ছোৱালীজনী আমাৰ?
সমাজে কি তাইক দিব নিস্তাৰ??
মোৰও যে ঘৰত ছোৱালী সন্তান..!!
কেনেকৈ পঠিয়াম তাইক স্কুললৈ?
যদি কোনোৱাই মাতি নিয়ে নিৰ্জনলৈ!!
তাৰপিছত...কোনে জানে?
তাইৰ কোমল দেহাত যদি
ৰঙা তেজৰ কালিমা সানে??
বঁচাব পাৰিম ছোৱালীজনী আমাৰ?
সমাজে কি তাইক দিব নিস্তাৰ??
কাগজে কাগজে ক'ত যে সংবাদ...
মিটিং-মিছিলত হ'ব দঢ় প্ৰতিবাদ..॥
কিন্তু..,
মোৰ ছোৱালীজনীক কি আৰু
পুণৰাই উভতাই পামনে বাৰু??
কি কৰিম মই..!
ছোৱালী সম্ভালিম?
নে মিছিলত গৈ হ'ম সামিল?
মিটিং-মিছিলত হ'ব দঢ় প্ৰতিবাদ..॥
কিন্তু..,
মোৰ ছোৱালীজনীক কি আৰু
পুণৰাই উভতাই পামনে বাৰু??
কি কৰিম মই..!
ছোৱালী সম্ভালিম?
নে মিছিলত গৈ হ'ম সামিল?
যোৱাবাৰো তো কিমান প্ৰতিবাদ হ'ল,
সমাজ কি তাত অকনো বদলি গ'ল??
সিহঁতৰ বদল নহয় কেতিয়াও
সিহঁত কামনাৰ কীট..,
কোনো শাস্তিতে কোনোদিন সিহঁত
কেতিয়াও নহয় টিট...॥
শকুনিৰ দৰে নজৰ সিহঁতৰ
শিশুকো দেখে নাৰী,
পিশাচৰ দৰে ঘৃণ্য স্বভাৱ,
কুৰুচিপূৰ্ণ অত্যাচাৰী...॥
সমাজ কি তাত অকনো বদলি গ'ল??
সিহঁতৰ বদল নহয় কেতিয়াও
সিহঁত কামনাৰ কীট..,
কোনো শাস্তিতে কোনোদিন সিহঁত
কেতিয়াও নহয় টিট...॥
শকুনিৰ দৰে নজৰ সিহঁতৰ
শিশুকো দেখে নাৰী,
পিশাচৰ দৰে ঘৃণ্য স্বভাৱ,
কুৰুচিপূৰ্ণ অত্যাচাৰী...॥
ভয়তে বুকুখন কঁপে..,
সিহঁতৰ স'তে যে
একেখন সমাজতেই বাস কৰা,
কিদৰে বঁচোৱাম ছোৱালীক আমাৰ
পশুৰ কবলৰ পৰা..??
সিহঁতৰ বাবে আমি কি তেন্তে
স্বস্তিৰ শ্বাস নিনিওঁ??
সিহঁতৰ বাবে আমি কি তেন্তে
কন্যা জন্ম নিদিওঁ??
যিসকলৰ এনে পশু প্ৰবৃতি,
সমাজে সিহঁতক ঘৃণাৰ দৃষ্টিৰে চাওঁক...
আমি সকলোৱে বিচাৰোঁ,
এনে নৰ-পিশাচৰ চৰম শাস্তি হওঁক...!!
…………………×………………
সিহঁতৰ স'তে যে
একেখন সমাজতেই বাস কৰা,
কিদৰে বঁচোৱাম ছোৱালীক আমাৰ
পশুৰ কবলৰ পৰা..??
সিহঁতৰ বাবে আমি কি তেন্তে
স্বস্তিৰ শ্বাস নিনিওঁ??
সিহঁতৰ বাবে আমি কি তেন্তে
কন্যা জন্ম নিদিওঁ??
যিসকলৰ এনে পশু প্ৰবৃতি,
সমাজে সিহঁতক ঘৃণাৰ দৃষ্টিৰে চাওঁক...
আমি সকলোৱে বিচাৰোঁ,
এনে নৰ-পিশাচৰ চৰম শাস্তি হওঁক...!!
…………………×………………
(১৪)
"তোমাৰ অপেক্ষাত "
"তোমাৰ অপেক্ষাত "
✍ অপূৰ্ব শৰ্মা বশিষ্ঠ ।
দেওমৰনৈ,দৰং
দেওমৰনৈ,দৰং
দেহত এটি আকাশী চোলা মেৰিয়াই
দুচকুত এটি আশাভৰা সপোন কঢ়িয়াই।
মই ৰৈ আছিলোঁ অকলশৰে
তোমাৰ অপেক্ষাত...
ৰক্তিম কৃষ্ণচূড়াজোপাৰ তলত
সেই নিজান আবেলি ।
সেই নিজান আবেলিৰ নিস্তব্ধতাক আঁতৰাই
তেজাল কৃষ্ণচূড়াই হৃদয় কপোৱা মাতেৰে মোক সুধিলে
" কাৰ বাবে নো ইমান অপেক্ষা,
চাই চা অলেখ আশাৰে বাট,
ৰৈ ৰৈ মোৰ সুজ্বল বুকুৰ মাজত "
মই আশাভৰা মাতৰে কৈ উঠিছিলোঁ
হে কৃষ্ণচূড়া,তোমাৰ সুৱাসী বুকুতেই ৰৈ
মই অপেক্ষা কৰিছোঁ
মোৰ সপোনৰ ৰাধাজনীলৈ.....
…………………×………………
দুচকুত এটি আশাভৰা সপোন কঢ়িয়াই।
মই ৰৈ আছিলোঁ অকলশৰে
তোমাৰ অপেক্ষাত...
ৰক্তিম কৃষ্ণচূড়াজোপাৰ তলত
সেই নিজান আবেলি ।
সেই নিজান আবেলিৰ নিস্তব্ধতাক আঁতৰাই
তেজাল কৃষ্ণচূড়াই হৃদয় কপোৱা মাতেৰে মোক সুধিলে
" কাৰ বাবে নো ইমান অপেক্ষা,
চাই চা অলেখ আশাৰে বাট,
ৰৈ ৰৈ মোৰ সুজ্বল বুকুৰ মাজত "
মই আশাভৰা মাতৰে কৈ উঠিছিলোঁ
হে কৃষ্ণচূড়া,তোমাৰ সুৱাসী বুকুতেই ৰৈ
মই অপেক্ষা কৰিছোঁ
মোৰ সপোনৰ ৰাধাজনীলৈ.....
…………………×………………
(১৫)
"ছবি"
"ছবি"
✍ পংকজ সভাপণ্ডিত , (লখিমপুৰ)
বিস্মৃতিৰ গৰ্ভত সেউজী মোৰ গাঁও
নদীখনো সুঁতি হ'ল
বেঙামেলি পাৰ হ'ব পাৰি
পথাৰৰ আলিবোৰ কংক্ৰিটৰ
গম্বুজ হ'ল ,
স্কাইস্পাৰবোৰে গাঁওখন
গোটে গোটে গিলিলে
পকা ধানৰ গোন্ধ ,
ভেলাঘৰ সজাৰ পৰম্পৰা
গৰু-ম'হক মাহ হালধিৰে গা ধোওৱা
আজি এক নষ্টালজিক গাঁথা।
উদ্যোগিকৰন বা বিশ্বায়নৰ
সুস্পষ্ট ছবি ভোগবাদী চৰিত্ৰ,
এতিয়া মানুহৰ মৰম
এণ্ড্ৰয়ডৰ মবাইলত
মানুহবোৰ যন্ত্ৰ হ'ল ....
…………………×…………………
নদীখনো সুঁতি হ'ল
বেঙামেলি পাৰ হ'ব পাৰি
পথাৰৰ আলিবোৰ কংক্ৰিটৰ
গম্বুজ হ'ল ,
স্কাইস্পাৰবোৰে গাঁওখন
গোটে গোটে গিলিলে
পকা ধানৰ গোন্ধ ,
ভেলাঘৰ সজাৰ পৰম্পৰা
গৰু-ম'হক মাহ হালধিৰে গা ধোওৱা
আজি এক নষ্টালজিক গাঁথা।
উদ্যোগিকৰন বা বিশ্বায়নৰ
সুস্পষ্ট ছবি ভোগবাদী চৰিত্ৰ,
এতিয়া মানুহৰ মৰম
এণ্ড্ৰয়ডৰ মবাইলত
মানুহবোৰ যন্ত্ৰ হ'ল ....
…………………×…………………
(১৬)
"সন্ধ্যাপৰত"
"সন্ধ্যাপৰত"
✍ সুনয়না চাহু ।
সন্ধ্যাপৰত মই চকীখন লৈ
বহিছিলো পদূলীমূৰত,
আকাশত জোনটিয়ে ডাৱৰৰ সৈতে
লুকা - ভাকু খেলিছিল।
মই নজনাকৈয়ে বহু কল্পনাই মোক আৱৰি ধৰিছিল মাজে মাজে জোনাকী পৰুৱাবোৰে মোৰ আশে পাশে নাচি ফুৰিছিল,
অজানিতে এজাক মৃদু বতাহে
মোৰ কাণে কাণে অতীতৰ
কবিতাবোৰ গুণ গুণালে
আৰু বৈ আহিল অশ্ৰুজল।।
…………………×………………
বহিছিলো পদূলীমূৰত,
আকাশত জোনটিয়ে ডাৱৰৰ সৈতে
লুকা - ভাকু খেলিছিল।
মই নজনাকৈয়ে বহু কল্পনাই মোক আৱৰি ধৰিছিল মাজে মাজে জোনাকী পৰুৱাবোৰে মোৰ আশে পাশে নাচি ফুৰিছিল,
অজানিতে এজাক মৃদু বতাহে
মোৰ কাণে কাণে অতীতৰ
কবিতাবোৰ গুণ গুণালে
আৰু বৈ আহিল অশ্ৰুজল।।
…………………×………………
(১৭)
"নামঘৰ"
"নামঘৰ"
✍ দেৱাশিষ বৰুৱা।
গধূলি নামঘৰৰ ডবাৰ ধ্বনিত
এগছি বন্তি জ্বলি উঠিব মোৰ স্বপ্ন
আলি পদূলিত
আশাবোৰ উৰিব গৰখীয়াৰ খোজৰ ধুলিত
অক্লান্ত আকাশচুমী বগলীজাক
জিৰাবহি বাঁহৰ আগলিত
বিদায় জনাম সুৰুযৰ ৰঙা হাঁহিক
দুচকুত আঁকি লৈ জিলমিল ভৰালীক
সুৰত সানি লয় , নিয়ৰৰ নুপুৰ ধ্বনিক ।
…………………×…………………
এগছি বন্তি জ্বলি উঠিব মোৰ স্বপ্ন
আলি পদূলিত
আশাবোৰ উৰিব গৰখীয়াৰ খোজৰ ধুলিত
অক্লান্ত আকাশচুমী বগলীজাক
জিৰাবহি বাঁহৰ আগলিত
বিদায় জনাম সুৰুযৰ ৰঙা হাঁহিক
দুচকুত আঁকি লৈ জিলমিল ভৰালীক
সুৰত সানি লয় , নিয়ৰৰ নুপুৰ ধ্বনিক ।
…………………×…………………
(১৮)
"জীৱন সংগী "
"জীৱন সংগী "
✍ অপূৰ্ব কুমাৰ ডেকা।
এটি হাঁহিয়ে
দোলা দিয়া
প্ৰেমৰ দোকানত...
দোলা দিয়া
প্ৰেমৰ দোকানত...
তুলাচনীত জোখাছোন
কিমান ওজন
তোমাৰ হৃদয়ৰ !
কিমান ওজন
তোমাৰ হৃদয়ৰ !
কিনিব নোৱাৰিলেও
চকিদাৰ হ'ম
পল অনুপল !
…………………×…………………
চকিদাৰ হ'ম
পল অনুপল !
…………………×…………………
(১৯)
"শাৰদীয় ৰাণী তুমি দূৰ্গতিনাশিনী"
"শাৰদীয় ৰাণী তুমি দূৰ্গতিনাশিনী"
✍ ধৰিত্রী শ্ৰাৱন।
শাৰদীয় আবিৰ সানি
আহিনৰ চোতালত
মা দূৰ্গাৰ আগমন,
চোতাল ভৰি শুৱনি কৰিছে শৰৎৰ শেৱালিয়ে পুৱাৰ দুৱৰিবন।
দূৰ্গতিনাশিনী তুমি মা দূৰ্গা
জগতদায়িনী হোৱা,
তলসৰা শেৱালিৰে গাথিছো মালা
মা তুমি গ্ৰহন কৰা।
শক্তিৰ মাতা মা দূৰ্গা তুমি
দুষ্টক নাশ কৰা,
মহিশাসুৰক বধ কৰি তুমি শান্তিৰ ধৰা গঢ়া।
দহো হাতে অস্ত্ৰ লৈ দূৰ্গতি নাশ কৰা,
মহালয়াৰ পুৱা ধৰালৈ নামি জগত জননী কৰা।
মা দূৰ্গা তুমি শৰৎৰ ৰাণী
ৰক্ত দুই নয়ন,
ঢাকৰ তালে ধূপ ধূনাৰ সুগন্ধই
জগাই তোলে তোমাৰ দেৱীসত্বাক।
…………………×…………………
আহিনৰ চোতালত
মা দূৰ্গাৰ আগমন,
চোতাল ভৰি শুৱনি কৰিছে শৰৎৰ শেৱালিয়ে পুৱাৰ দুৱৰিবন।
দূৰ্গতিনাশিনী তুমি মা দূৰ্গা
জগতদায়িনী হোৱা,
তলসৰা শেৱালিৰে গাথিছো মালা
মা তুমি গ্ৰহন কৰা।
শক্তিৰ মাতা মা দূৰ্গা তুমি
দুষ্টক নাশ কৰা,
মহিশাসুৰক বধ কৰি তুমি শান্তিৰ ধৰা গঢ়া।
দহো হাতে অস্ত্ৰ লৈ দূৰ্গতি নাশ কৰা,
মহালয়াৰ পুৱা ধৰালৈ নামি জগত জননী কৰা।
মা দূৰ্গা তুমি শৰৎৰ ৰাণী
ৰক্ত দুই নয়ন,
ঢাকৰ তালে ধূপ ধূনাৰ সুগন্ধই
জগাই তোলে তোমাৰ দেৱীসত্বাক।
…………………×…………………
(২০)
"মৃত্যু"
"মৃত্যু"
✍ পলাশ জ্যোতি নাথ।
বিহগুৰি, তেজপুৰ
বিহগুৰি, তেজপুৰ
দুটি আখৰৰ সমষ্টিৰে গঠিত
এটা ভয় লগা শব্দ,
এক নিৰ্মম সত্য, অকল্পনীয় বাস্তৱ
জীৱন নাটৰ কৰুণ পৰিসমাপ্তি
মৃত্যু......
এটা ভয় লগা শব্দ,
এক নিৰ্মম সত্য, অকল্পনীয় বাস্তৱ
জীৱন নাটৰ কৰুণ পৰিসমাপ্তি
মৃত্যু......
কেতিয়াবা বহু নিলগত
কেতিয়াবা বহু কাষৰত
কেতিয়াবা অনাকাংক্ষিত
অৱকাশহীন সত্যৰ সমষ্টি
এই মৃত্যু......
কেতিয়াবা বহু কাষৰত
কেতিয়াবা অনাকাংক্ষিত
অৱকাশহীন সত্যৰ সমষ্টি
এই মৃত্যু......
কেতিয়াবা মৃত্যু অপৰাজেয়
কেতিয়াবা কাপুৰুষালি
কেতিয়াবা মৃত্যু মঙ্গলৰ হকে
অজ্ঞতাৰ এন্ধাৰত থকা নিৰীহৰ মৃত্যু
এক বিস্ময়কৰ ভয় লগা শব্দ
মৃত্যু.......
…………………×…………………
কেতিয়াবা কাপুৰুষালি
কেতিয়াবা মৃত্যু মঙ্গলৰ হকে
অজ্ঞতাৰ এন্ধাৰত থকা নিৰীহৰ মৃত্যু
এক বিস্ময়কৰ ভয় লগা শব্দ
মৃত্যু.......
…………………×…………………
(২১)
"মাজ নিশা কোনে বাঁহী বজায়"
"মাজ নিশা কোনে বাঁহী বজায়"
✍বিপ্লৱ ৰঞ্জন বৈশ্য।
গভীৰ নিশা কাহ পৰি -
জিন যোৱা নিস্তব্ধতা,
গাওঁৰ মুৰৰ বকুল জোপাৰ
তলত,কাৰ কৰুণ বাহিঁ সুৰ।
জিন যোৱা নিস্তব্ধতা,
গাওঁৰ মুৰৰ বকুল জোপাৰ
তলত,কাৰ কৰুণ বাহিঁ সুৰ।
নিশা এন্ধাৰ নিস্তব্ধতা ভেদি
বিষাদ সুৰৰ ধ্বনিয়ে গাওঁখন জগাই তোলে,
এই গভীৰ নিশা কোন ডেকাই
বাৰু বাহীঁত কৰুণ সুৰ তোলে
বিষাদ সুৰৰ ধ্বনিয়ে গাওঁখন জগাই তোলে,
এই গভীৰ নিশা কোন ডেকাই
বাৰু বাহীঁত কৰুণ সুৰ তোলে
এই দুপৰ নিশা কিয় বাৰু
বাহীঁটোৱে বিৰহৰ সুৰ জুৰে,
বহু উন্মনা গাভৰুৰ বুকুত
হেজাৰ সপোনে ঢৌ খেলে।
বাহীঁটোৱে বিৰহৰ সুৰ জুৰে,
বহু উন্মনা গাভৰুৰ বুকুত
হেজাৰ সপোনে ঢৌ খেলে।
দুভাগ ৰাতি কোন ডেকাই
হেজাৰ প্ৰেয়সীৰ মন উতলা কৰে,
কাৰ বাৰু এই দুপৰ নিশা
কালৈ ইমান মনত পৰে……
হেজাৰ প্ৰেয়সীৰ মন উতলা কৰে,
কাৰ বাৰু এই দুপৰ নিশা
কালৈ ইমান মনত পৰে……
উঠন গাভৰুৱে হৃদয়ৰ মাজত
সপোন কোৱৰ হেজাৰ ছবি আঁকে
ইমান বিষাদৰ সুৰ বাৰু এই
মাজ নিশা কাৰ বাহীঁত বাজে।।
…………………×…………………
সপোন কোৱৰ হেজাৰ ছবি আঁকে
ইমান বিষাদৰ সুৰ বাৰু এই
মাজ নিশা কাৰ বাহীঁত বাজে।।
…………………×…………………
(২২)
"যৌৱনৰ এজাক ধুমুহা"
"যৌৱনৰ এজাক ধুমুহা"
✍ ৱাহিদ আহমেদ।
তিনিচুকীয়া, শদিয়া।
+974 31204571
তিনিচুকীয়া, শদিয়া।
+974 31204571
সময়বোৰ পাৰ নহৈছিল
যেতিয়া মোৰ বাবে তুমি ৰৈ আছিলা
সেই কৃষ্ণচূড়া গছজোপাৰ তলত,
কেতিয়াবা অভিমান হৈছিল
কিয় দেৰিকৈ আহিলা
বহু প্রশ্ন !!!
তোমাৰ শেঁতা পৰা মুখ খন দেখিলে
দুখৰ যন্ত্ৰণাই হেচুকি ধৰিছিলে
দিনবোৰ যেন ক্ৰমাৎ চুটি হোৱা যেন অনুভৱ হৈছিল ৷
তোমাৰ ওঁঠৰ লিপস্টিকৰ ৰঙে
ৰঙীন কৰছিল যৌৱনৰ সুবাস
সাগৰৰ ঢৌত মতলীয়া হ’ব খুজিছিল
এজাক পছোৱা
ইচাত বিচাত ,
দেহ মন ৰাই জাই কৰা ৷
চকুৰ পলকতে নাচি উঠিছিল উন্মাদনাই,
সাৰ পাইছিল হিয়াৰ বাসনাই
দেহত শিহৰণ তুলিছিল ৷
দুখৰ অনিদ্ৰাই যেতিয়া
তোমাৰ হিয়াত বাঁহ ল’ব খুজিছিল
বুজাব নোৱাৰা বেদনাই
মাজৰাতি শিতানৰ গাৰু তিয়াই পেলাইছিল ৷
ৰাতিবোৰ গধুৰ হ’ব ধৰিছিল
দিনকদিনে ভয়ানক হৈ আহিছিল
ঘড়ীৰ কাটাবোৰৰ টিক্-টিক্ শব্দত,
উশাহবোৰ ঘন হৈছিল
স্তব্ধ হওঁ হওঁ জীৱনৰ চাকিগছি,
জোনাক পৰুৱাই যেন একমাএ সাৰথি ৷
শীতল মুখ তোমাৰ লয়লাস ভংগী
দেহা তোমাৰ চিকন, সৰগৰ পৰী
কিয় বাৰু কৰা ইমান আমনি ৷।
…………………×…………………
…………………×…………………
(২৩)
"আমাৰ গাওঁ"
"আমাৰ গাওঁ"
✍ ধৰ্মেন্দ্ৰ ডেকা।
ফোন - ৯৯৫৪৫১৮৩৪৩
ফোন - ৯৯৫৪৫১৮৩৪৩
গোমোঠা ডাৱৰৰ বুকুত ভাহে
সোণোৱালী ধান
পুৱতিৰ পক্ষীৰ ধ্বনিত
চিৰসেউজ হয় প্ৰাণ ।
সোণোৱালী ধান
পুৱতিৰ পক্ষীৰ ধ্বনিত
চিৰসেউজ হয় প্ৰাণ ।
সেউজ বৰণীয়া ঘাঁহবোৰে
জনাই প্ৰণিপাত
সেয়েহে পথৰুৱা কৃষকৰ
হেৰাল মুখৰ মাত।
জনাই প্ৰণিপাত
সেয়েহে পথৰুৱা কৃষকৰ
হেৰাল মুখৰ মাত।
চেচাঁ চেচাঁ বতাহে আহি
দেহা কৰিছে স্পৰ্শ
সেয়ে প্ৰাতঃভ্ৰমন পথিকৰ
জাগে মনত হৰ্ষ ।
দেহা কৰিছে স্পৰ্শ
সেয়ে প্ৰাতঃভ্ৰমন পথিকৰ
জাগে মনত হৰ্ষ ।
ধৰণী আলোকিত হোৱা বাবে
পক্ষীবোৰে এৰিলে বাঁহ
সেউজীয়া পথাৰৰ সেউজীবোৰৰ
প্ৰাণচঞ্চলা নৃত্য চা ।
পক্ষীবোৰে এৰিলে বাঁহ
সেউজীয়া পথাৰৰ সেউজীবোৰৰ
প্ৰাণচঞ্চলা নৃত্য চা ।
এয়াই হ'ল গ্ৰাম্য পৰিৱেশৰ
পুৱাৰ মনোৰম দৃশ্য
মাজে মাজে আহি গোমোঠা
ডাৱৰে সকলো কৰে অদৃশ্য ।
…………………×…………………
পুৱাৰ মনোৰম দৃশ্য
মাজে মাজে আহি গোমোঠা
ডাৱৰে সকলো কৰে অদৃশ্য ।
…………………×…………………
(২৪)
"বিননি"
"বিননি"
✍ কবিতা কুৰ্মী।
ৰিক্ত হৃদয়ৰ স্পন্দনে নিজানত হাহাকাৰ কৰে বাঢ়ে শ্বাস -প্ৰশ্বাস
দুটি কাণত অহৰহ
ভাহি আহে চিনাকি সুৰ ।
পক্ষীটিয়ে বিনায়
নিজান ৰাতি
অশ্ৰুসিক্ত নয়ন ভাগৰে
তপত লোতকবোৰক
দি বিদায় ।।
…………………×…………………
দুটি কাণত অহৰহ
ভাহি আহে চিনাকি সুৰ ।
পক্ষীটিয়ে বিনায়
নিজান ৰাতি
অশ্ৰুসিক্ত নয়ন ভাগৰে
তপত লোতকবোৰক
দি বিদায় ।।
…………………×…………………
(২৫)
"জীৱন "
"জীৱন "
✍ হিমাক্ষী বৰ্মন।
জীৱন সুখ-দুখৰ এক মৰুভূমি।
মৰিচীকা সদৃশ কিছু সপোন,কিছু বাস্তৱ অভিজ্ঞতা,আৰু যন্ত্ৰণাপূৰ্ণ কিছু
অতীত স্মৃতি যি চিৰপ্ৰবাহমান।
জীৱনত প্ৰত্যাহ্বানবোৰে আগভেটি ধৰেহি যেন পুখুৰীত থকা শেলাইৰ জামবোৰ।
ৰিক্ততাৰে ভৰা জীৱনত অনুভূতিবোৰ
যেন তেনেই সীমিত।
খলা-বমা জীৱনৰ গতিপথ।
সুখ আহে নিগৰি, দুখ আহে নিগৰি
যেন হঠাৎ সলনি হোৱা
ডাৱৰীয়া-ফৰকাল বতৰ।
এয়াইটো জীৱন, সুখ-দুখৰ সচাঁ
অনুভূতি পোৱা এক বিশাল সাগৰ।।
…………………×…………………
মৰিচীকা সদৃশ কিছু সপোন,কিছু বাস্তৱ অভিজ্ঞতা,আৰু যন্ত্ৰণাপূৰ্ণ কিছু
অতীত স্মৃতি যি চিৰপ্ৰবাহমান।
জীৱনত প্ৰত্যাহ্বানবোৰে আগভেটি ধৰেহি যেন পুখুৰীত থকা শেলাইৰ জামবোৰ।
ৰিক্ততাৰে ভৰা জীৱনত অনুভূতিবোৰ
যেন তেনেই সীমিত।
খলা-বমা জীৱনৰ গতিপথ।
সুখ আহে নিগৰি, দুখ আহে নিগৰি
যেন হঠাৎ সলনি হোৱা
ডাৱৰীয়া-ফৰকাল বতৰ।
এয়াইটো জীৱন, সুখ-দুখৰ সচাঁ
অনুভূতি পোৱা এক বিশাল সাগৰ।।
…………………×…………………
(২৬)
"তুমি আহিবানে"
"তুমি আহিবানে"
✍ পাপু দাস।
বেদেতি, বিশ্বনাথ।
বেদেতি, বিশ্বনাথ।
বহুদিন হ'ল কবিতা নিলিখা
সময়ৰ সোঁতত উটি ভাঁহি গ'ল যেন
মিঠা মিঠা লগা অনুভূতিবোৰ ।
বহুদিন হ'ৰ তোমাক নেদেখা
সময়ৰ সোঁতত হেৰুৱাই পেলালা নেকি মোৰ হৃদয়ৰ ঠিকনা ?
আহিবাছোন এবাৰ
আকৌ বিচাৰিম ভালপোৱাৰ ঠিকনা,
গুনগুনাম প্ৰেমৰ গীত,
পৰি ৰোৱা কাগজত লিখিম
আকৌ প্ৰেমৰ কবিতা
আহিবানে তুমি....
আহিবানে..?
…………………×…………………
সময়ৰ সোঁতত উটি ভাঁহি গ'ল যেন
মিঠা মিঠা লগা অনুভূতিবোৰ ।
বহুদিন হ'ৰ তোমাক নেদেখা
সময়ৰ সোঁতত হেৰুৱাই পেলালা নেকি মোৰ হৃদয়ৰ ঠিকনা ?
আহিবাছোন এবাৰ
আকৌ বিচাৰিম ভালপোৱাৰ ঠিকনা,
গুনগুনাম প্ৰেমৰ গীত,
পৰি ৰোৱা কাগজত লিখিম
আকৌ প্ৰেমৰ কবিতা
আহিবানে তুমি....
আহিবানে..?
…………………×…………………
(২৭)
"উপহাৰ"
"উপহাৰ"
✍ খগেন মটক।
এইবাৰ শাৰদীয় বৰ্ষত
কি উপহাৰ দিবা
অধীৰ প্ৰতীক্ষা সেই দিনলৈ
ফুল গামোচা, টী- চাৰ্ট
এইবোৰ নিদিবা
যোৱা বৰ্ষত দিয়া বোৰ আজিও
সামৰণিতে আছে,
বজাৰৰ থুপী গোলাপো নিদিবা,
কৃত্ৰিমতাক বেয়া পাওঁ
অথবা জীয়া গোলাপৰ কলিও
নিদিবা সিও দুদিনতে
মৰহি যাব
শেষত কি উপহাৰ দিবলৈ কম
সাম্প্ৰতিক সময়ত যুৱ উশৃংখলতাৰ ওপৰত লিখা এটি
কবিতাকে দিবা
এইবাৰ ই হ'ব মোৰ বাবে এক অভিনৱ উপহাৰ
অ' শিৰোনাম কি ৰাখিবা,
হৃদয়ৰ ভাষা , মমতাৰ চিঠি
কিম্বা এয়েটো জীৱন ?
অপেক্ষা মাথোঁ সেই দিনলৈ!
…………………×…………………
কি উপহাৰ দিবা
অধীৰ প্ৰতীক্ষা সেই দিনলৈ
ফুল গামোচা, টী- চাৰ্ট
এইবোৰ নিদিবা
যোৱা বৰ্ষত দিয়া বোৰ আজিও
সামৰণিতে আছে,
বজাৰৰ থুপী গোলাপো নিদিবা,
কৃত্ৰিমতাক বেয়া পাওঁ
অথবা জীয়া গোলাপৰ কলিও
নিদিবা সিও দুদিনতে
মৰহি যাব
শেষত কি উপহাৰ দিবলৈ কম
সাম্প্ৰতিক সময়ত যুৱ উশৃংখলতাৰ ওপৰত লিখা এটি
কবিতাকে দিবা
এইবাৰ ই হ'ব মোৰ বাবে এক অভিনৱ উপহাৰ
অ' শিৰোনাম কি ৰাখিবা,
হৃদয়ৰ ভাষা , মমতাৰ চিঠি
কিম্বা এয়েটো জীৱন ?
অপেক্ষা মাথোঁ সেই দিনলৈ!
…………………×…………………
(২৮)
"শৰতৰ গোন্ধ"
"শৰতৰ গোন্ধ"
✍ মিঠু শৰ্ম্মা।
শৰৎ হেনো নামি অাহে
কবিতাৰ দলঙেদি
শৰতৰ বুকুত কবিতাই
কথাপাতে নিয়ৰৰ স'তে
কুঁৱলী গলা শৰতৰ নিশাত
শব্দবোৰে ঢৌ খেলে
শৰতৰ ন-সূৰুযৰ নৱ-ৰেঙণিয়ে
শুভ্ৰ শুভ্ৰ কিবা ছবি অাঁকে।।
…………………×…………………
কবিতাৰ দলঙেদি
শৰতৰ বুকুত কবিতাই
কথাপাতে নিয়ৰৰ স'তে
কুঁৱলী গলা শৰতৰ নিশাত
শব্দবোৰে ঢৌ খেলে
শৰতৰ ন-সূৰুযৰ নৱ-ৰেঙণিয়ে
শুভ্ৰ শুভ্ৰ কিবা ছবি অাঁকে।।
…………………×…………………
(২৯)
"ব্ৰেকিং নিউজ"
"ব্ৰেকিং নিউজ"
✍ নিহাৰীকা শইকীয়া।
-------------------
যেতিয়া আপোনালোকে হাতত
কেমেৰা তুলি লয়,
তেতিয়া TV স্ক্ৰিনত প্ৰকাশ পায়,
দেশৰ আবেগ,নগ্নতা,স্ব-ভিমানৰ
Breaking News.
---------------------
গণতন্ত্রৰ চতুথ'স্তম্ভ সংবাদ মাধ্যম
চিৰ উদ্ভাসিত হওঁক |
----------------------
Breaking News
যেতিয়া আপোনালোকে
উত্তৰণৰ আশাত উন্মোচিত কৰে,
শোষক-শাসক ,নতুবা চৰকাৰী বিষয়াৰ
তত্ব-গধূৰ দূৰ্নীতিৰ অধ্যায়,
তেতিয়া জাগ্ৰত হয় গণ-অদ্ভ্যূত্থন |
-----------------------
গণতন্ত্রৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যম
চিৰ উদ্ভাষিত হওঁক |
-------------------------
Breaking News
যেতিয়া আপোনালোকে আপ্ৰাণচেষ্টাৰে,
দূগ'তজনৰ কাষত থাকি,
সাহা'য্য বিচাৰি
প্ৰকাশ কৰে হৃদয়-বিদাৰক দৃশ্য,
মমান্তিকতাৰে,
তেতিয়াই প্ৰাণ-পায় আস্থাহীন চৰকাৰখনে |
-----------------------
গণতন্ত্রৰ চতুথ'স্তম্ভ সংবাদ মাধ্যম
চিৰ উদ্ভাষিত হওঁক |
-----------------------
Breaking News
যেতিয়া আপোনালোকে অনিশ্চা স্বৰ্তেও
কৰ্তব্য পালন কৰি,
নগ্নতাৰ Exclusive Visual দেখুওৱাই,
তেতিয়া নৰ-পিশাচ বিচৰাৰ নাটক কৰে প্ৰশাসনে |
তেতিয়াই মনলৈ আহে ভয়,শংকা
আমি কি দৰে জীয়াই থাকিম ?
-----------------------
গণতন্ত্রৰ চতুথ'স্তম্ভ সংবাদ মাধ্যম
চিৰ উদ্ভাষিত হওঁক |
----------------------
Breaking News
যেতিয়া আপোনালোকে জৰুৰিকালিন অৱস্থাত,
Direct Live দিয়ে,
তেতিয়া দুখত, দুখৰ বাতৰিবিলাককেই
চোবাই চোবাই জাগ্ৰত কৰে
চৰকাৰ-প্ৰশাসনক |
-----------------------
গণতন্ত্রৰ চতুথ'স্তম্ভ ,সংবাদ মাধ্যম
চিৰ উদ্ভাষিত হওঁক ||
…………………×…………………
যেতিয়া আপোনালোকে হাতত
কেমেৰা তুলি লয়,
তেতিয়া TV স্ক্ৰিনত প্ৰকাশ পায়,
দেশৰ আবেগ,নগ্নতা,স্ব-ভিমানৰ
Breaking News.
---------------------
গণতন্ত্রৰ চতুথ'স্তম্ভ সংবাদ মাধ্যম
চিৰ উদ্ভাসিত হওঁক |
----------------------
Breaking News
যেতিয়া আপোনালোকে
উত্তৰণৰ আশাত উন্মোচিত কৰে,
শোষক-শাসক ,নতুবা চৰকাৰী বিষয়াৰ
তত্ব-গধূৰ দূৰ্নীতিৰ অধ্যায়,
তেতিয়া জাগ্ৰত হয় গণ-অদ্ভ্যূত্থন |
-----------------------
গণতন্ত্রৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যম
চিৰ উদ্ভাষিত হওঁক |
-------------------------
Breaking News
যেতিয়া আপোনালোকে আপ্ৰাণচেষ্টাৰে,
দূগ'তজনৰ কাষত থাকি,
সাহা'য্য বিচাৰি
প্ৰকাশ কৰে হৃদয়-বিদাৰক দৃশ্য,
মমান্তিকতাৰে,
তেতিয়াই প্ৰাণ-পায় আস্থাহীন চৰকাৰখনে |
-----------------------
গণতন্ত্রৰ চতুথ'স্তম্ভ সংবাদ মাধ্যম
চিৰ উদ্ভাষিত হওঁক |
-----------------------
Breaking News
যেতিয়া আপোনালোকে অনিশ্চা স্বৰ্তেও
কৰ্তব্য পালন কৰি,
নগ্নতাৰ Exclusive Visual দেখুওৱাই,
তেতিয়া নৰ-পিশাচ বিচৰাৰ নাটক কৰে প্ৰশাসনে |
তেতিয়াই মনলৈ আহে ভয়,শংকা
আমি কি দৰে জীয়াই থাকিম ?
-----------------------
গণতন্ত্রৰ চতুথ'স্তম্ভ সংবাদ মাধ্যম
চিৰ উদ্ভাষিত হওঁক |
----------------------
Breaking News
যেতিয়া আপোনালোকে জৰুৰিকালিন অৱস্থাত,
Direct Live দিয়ে,
তেতিয়া দুখত, দুখৰ বাতৰিবিলাককেই
চোবাই চোবাই জাগ্ৰত কৰে
চৰকাৰ-প্ৰশাসনক |
-----------------------
গণতন্ত্রৰ চতুথ'স্তম্ভ ,সংবাদ মাধ্যম
চিৰ উদ্ভাষিত হওঁক ||
…………………×…………………
(৩০)
"বিদীৰ্ণ"
"বিদীৰ্ণ"
✍ শান্তনু বৰা।
সৌ কেকুঁৰীটোৰ সিটোপাৰে মোৰ ঘৰ
সৰু বাটটোৰে যদি আহিব পাৰা..
লগ পাবা সহোদৰ..!
সৰু বাটটোৰে যদি আহিব পাৰা..
লগ পাবা সহোদৰ..!
নৈখনে বাগৰ সলালেও
তোমাৰ স্মৃতিবোৰ মই
আজিও ধৰি ৰখাৰ প্ৰচেষ্টাত..
হাঁহিভৰা এঠাৱনী সুখ
কঁকালভগা শালিকীজনী
লগ পাবা আমাৰ ইয়াত..৷
তোমাৰ স্মৃতিবোৰ মই
আজিও ধৰি ৰখাৰ প্ৰচেষ্টাত..
হাঁহিভৰা এঠাৱনী সুখ
কঁকালভগা শালিকীজনী
লগ পাবা আমাৰ ইয়াত..৷
উদং বুকুত মমতাৰ ছাঁ
বোকা-পানী খেছা মলয়াৰ বা
গধূলি গোপালৰ সুগোন্ধিত জোনাক
হেৰুৱা নাই আজিও গাঁৱৰ মৌ-মিঠা..!
বোকা-পানী খেছা মলয়াৰ বা
গধূলি গোপালৰ সুগোন্ধিত জোনাক
হেৰুৱা নাই আজিও গাঁৱৰ মৌ-মিঠা..!
নাজানো সুঁতবোৰ
কিমান সোনকালে গতি কৰে..
ঠন ধৰি ৰোৱা চুপহিবোৰৰ
কোন বেলিকা যতি পৰে,
আহা যদি আহিবা বান্ধৈ
চাবাহি অনুৰাগ তোমাৰ হাঁহিত..
চটফট ধৰফৰ কাৱৈজনী
ক'তবেলি আৰু বা বাচি থাকে !
…………………×…………………
কিমান সোনকালে গতি কৰে..
ঠন ধৰি ৰোৱা চুপহিবোৰৰ
কোন বেলিকা যতি পৰে,
আহা যদি আহিবা বান্ধৈ
চাবাহি অনুৰাগ তোমাৰ হাঁহিত..
চটফট ধৰফৰ কাৱৈজনী
ক'তবেলি আৰু বা বাচি থাকে !
…………………×…………………
(৩১)
"শাৰদী"
"শাৰদী"
✍ প্ৰাচুৰ্য বৰা।
দেৰগাঁও ;গোলাঘাট।
দেৰগাঁও ;গোলাঘাট।
শীতল এজাক বতাহত সাৰ পাই
উঠিল পুৱাটি
নৈ পৰীয়া কঁহুৱাৰ মৃদু হেন্দোলনি
মুক্ত আকাশ মুক্ত বতাহ
আহিনমহীয়া পথাৰত হেঁপাহবোৰৰ জিলিঙনি।
উঠিল পুৱাটি
নৈ পৰীয়া কঁহুৱাৰ মৃদু হেন্দোলনি
মুক্ত আকাশ মুক্ত বতাহ
আহিনমহীয়া পথাৰত হেঁপাহবোৰৰ জিলিঙনি।
পূব আকাশত সুকোমল ৰেঙনি
আহ্ কি বিমল পৰিতৃপ্তি
শুকুলা ডাৱৰৰ চঞ্চল গতি
আৰু স্নিগ্ধ জোনাক ত জল্ মল্ ৰাতি;
আহ্ কি বিমল পৰিতৃপ্তি
শুকুলা ডাৱৰৰ চঞ্চল গতি
আৰু স্নিগ্ধ জোনাক ত জল্ মল্ ৰাতি;
শাৰদী কোমল সন্ধিয়াত
শুই পৰা ক্লান্ত পৃথিবী
নিয়ৰৰ আবিৰসনা পৰশত
পুৱা হ'লেই প্ৰাণ পাই উঠে |
শুই পৰা ক্লান্ত পৃথিবী
নিয়ৰৰ আবিৰসনা পৰশত
পুৱা হ'লেই প্ৰাণ পাই উঠে |
দুৱৰিৰ দলিচাত
পুৱাবোৰে ওমলে জামলে ;
শেষ নিশা শেৱালীবোৰে ইমান কি কথা পাতে
চৌদিশে যে আমোলমোলাই উঠে ;
পুৱাবোৰে ওমলে জামলে ;
শেষ নিশা শেৱালীবোৰে ইমান কি কথা পাতে
চৌদিশে যে আমোলমোলাই উঠে ;
মোৰ পদূলিত শেৱালী সৰিলে
দুৱৰিবোৰে প্ৰাণ পাই উঠে;
সেই পদূলিদিয়েই সোমাই আহে মোৰ প্ৰিয় ঋতুৰাণী শাৰদী।।
…………………×…………………
দুৱৰিবোৰে প্ৰাণ পাই উঠে;
সেই পদূলিদিয়েই সোমাই আহে মোৰ প্ৰিয় ঋতুৰাণী শাৰদী।।
…………………×…………………
(৩২)
"অস্পৃশ্যৰ ক্ষোভ"
"অস্পৃশ্যৰ ক্ষোভ"
✍ হিমাংকু বৰা , তেজপুৰ।
একবিংশ শতিকাৰ যান্ত্ৰিক যুগৰ ব্যক্তি আমি,
ধৰ্ম নিৰপেক্ষ ৰাষ্টৰ পৰিচিত নাগৰিক আমি,
জীৱ শ্ৰেষ্টতাৰ শীৰ্ষস্থানীয়
অৱয়বী আমি।
তথাপি!
সুগম যাত্ৰাপথৰ পথিকচোন নহয়,
একক হৈয়ো দেখোন একক নহয়।
কিয়!
আমিবোৰ অস্পৃশ্য!
আমাৰ জাত-পাত, ধৰ্ম-কুল নীচ সেইকাৰণে?
ভগৱান এনে উচ্চ-নীচতাৰটো স্ত্ৰষ্টা নহয়,
তেন্তে কোন?
উচ্চ-কুলধৰ সকলে জানেনে, বুজি পাইনে,
আমিবিনে সমাজৰ স্হিতিয়েই বা ক'ত?
শক্তি,আৱেগ, ক্ৰোধ, ক্ষোভ আমাৰো আছে,
মূল্যহীন নহয় আমিবোৰ।
আমিও জানো, দাৱানলৰ দৰে দপদপাই জ্বলিৱলৈ
ফিৰিঙতিক খাণ্ডৱ-দাহলৈ ৰূপান্তৰ কৰিৱলৈ.........
…………………×…………………
ধৰ্ম নিৰপেক্ষ ৰাষ্টৰ পৰিচিত নাগৰিক আমি,
জীৱ শ্ৰেষ্টতাৰ শীৰ্ষস্থানীয়
অৱয়বী আমি।
তথাপি!
সুগম যাত্ৰাপথৰ পথিকচোন নহয়,
একক হৈয়ো দেখোন একক নহয়।
কিয়!
আমিবোৰ অস্পৃশ্য!
আমাৰ জাত-পাত, ধৰ্ম-কুল নীচ সেইকাৰণে?
ভগৱান এনে উচ্চ-নীচতাৰটো স্ত্ৰষ্টা নহয়,
তেন্তে কোন?
উচ্চ-কুলধৰ সকলে জানেনে, বুজি পাইনে,
আমিবিনে সমাজৰ স্হিতিয়েই বা ক'ত?
শক্তি,আৱেগ, ক্ৰোধ, ক্ষোভ আমাৰো আছে,
মূল্যহীন নহয় আমিবোৰ।
আমিও জানো, দাৱানলৰ দৰে দপদপাই জ্বলিৱলৈ
ফিৰিঙতিক খাণ্ডৱ-দাহলৈ ৰূপান্তৰ কৰিৱলৈ.........
…………………×…………………
(৩৩)
"অশান্ত সময়"
"অশান্ত সময়"
✍ এনিশা শৰ্মা, শিৱসাগৰ।
নিৰৱ সময়...
মিছা হাঁহি এটা পিন্ধি
বাৰে বাৰে কৰো সুখী হোৱাৰ অভিনয়..
বিদ্ৰোহ..
নীলা চিয়াঁহীৰে নিগৰে যি শব্দ
তাতেই উপচি পৰে এশ এটা অভিযোগ..
জোনাকবোৰ যে আজি অমাৱশ্যা
সেউজীয়াবোৰ ক’লা ধোঁৱা..
ৰ’দালিজাকেও খেলে ধূসৰ আকাশৰ বুকুত লুকাভাকু
আসঃ...
এয়াই আছিল নে শান্তিৰ শ্ল’গান...
নাই নহয়,
অশান্ত চোতালত এতিয়া শোকৰ কান্দোন
তাতেই হেৰায় মোৰ আকাশৰ জোন..
ওৰণি তলৰ পানীৰে উপচা দুচকুত
অগ্নিৰ দাৱানল...
ক’ত হেৰাল আইৰ মমতা,পিতাইৰ বান্ধোন
নে কলুষিত হ’ল সন্তানৰ দায়িত্ববোধ
অট্টহাস্য কৰে সমাজে আজি
সকলো থাকিও শূণ্য যাৰ পদূলি
মৰম,চেনেহৰ এনাজৰীডাল কোনে ছিঙিলে টানি?
ভাই,ভনী,দাদা,বাইদেউ
সকলোচোন আজি অচিনাকী
হত্যা,লুণ্ঠন,ধৰ্ষণৰ পৃথিৱী এয়া...
তেজেৰে ধোৱা বাটত
নসৰে আহিনৰ শুভ্ৰ শেৱালী
হায়,মানৱতা..
ধ্বংসৰ গৰাহত মাথো হয়
শান্তিৰ যৱনিকা...
…………………×…………………
মিছা হাঁহি এটা পিন্ধি
বাৰে বাৰে কৰো সুখী হোৱাৰ অভিনয়..
বিদ্ৰোহ..
নীলা চিয়াঁহীৰে নিগৰে যি শব্দ
তাতেই উপচি পৰে এশ এটা অভিযোগ..
জোনাকবোৰ যে আজি অমাৱশ্যা
সেউজীয়াবোৰ ক’লা ধোঁৱা..
ৰ’দালিজাকেও খেলে ধূসৰ আকাশৰ বুকুত লুকাভাকু
আসঃ...
এয়াই আছিল নে শান্তিৰ শ্ল’গান...
নাই নহয়,
অশান্ত চোতালত এতিয়া শোকৰ কান্দোন
তাতেই হেৰায় মোৰ আকাশৰ জোন..
ওৰণি তলৰ পানীৰে উপচা দুচকুত
অগ্নিৰ দাৱানল...
ক’ত হেৰাল আইৰ মমতা,পিতাইৰ বান্ধোন
নে কলুষিত হ’ল সন্তানৰ দায়িত্ববোধ
অট্টহাস্য কৰে সমাজে আজি
সকলো থাকিও শূণ্য যাৰ পদূলি
মৰম,চেনেহৰ এনাজৰীডাল কোনে ছিঙিলে টানি?
ভাই,ভনী,দাদা,বাইদেউ
সকলোচোন আজি অচিনাকী
হত্যা,লুণ্ঠন,ধৰ্ষণৰ পৃথিৱী এয়া...
তেজেৰে ধোৱা বাটত
নসৰে আহিনৰ শুভ্ৰ শেৱালী
হায়,মানৱতা..
ধ্বংসৰ গৰাহত মাথো হয়
শান্তিৰ যৱনিকা...
…………………×…………………
(৩৪)
"সুবাস"
"সুবাস"
✍ ময়ুৰী গোস্বামী।
নতুন বালিগাওঁ,যোৰহাট।
নতুন বালিগাওঁ,যোৰহাট।
শীতৰ সেমেকা সন্ধিয়াৰ অন্ধকাৰবোৰ ক্ৰমাৎ গাঢ় হৈ আহিল।
ঘৰমুখী চৰাইজাকৰ কোলাহলত অশান্ত বতাহচাতিয়ে মোক কোবাই গ'ল
সেইবাবেই হয়তো
বকুল বকুল মোৰ পদূলিত
তোমাৰ সুবাস সিচৰতি হৈ পৰিল।।
…………………×…………………
ঘৰমুখী চৰাইজাকৰ কোলাহলত অশান্ত বতাহচাতিয়ে মোক কোবাই গ'ল
সেইবাবেই হয়তো
বকুল বকুল মোৰ পদূলিত
তোমাৰ সুবাস সিচৰতি হৈ পৰিল।।
…………………×…………………
(৩৫)
"স্তব্ধ চাৰিটা হাঁহি"
"স্তব্ধ চাৰিটা হাঁহি"
✍ জিন্তু ভুঞা।
এটা আশাৰ দিনৰ অন্ত পৰিল আজি
হেৰাই গ'ল সেই আশা সেই সপোন
দুয়ু দুয়ু হাতত ধৰি দিয়া
প্ৰতিশ্ৰুতিৰ অন্ত পৰিল আজি,
কাল অমানিশা নামি আহিল
সিদিনা সন্ধিয়া যেন কাল আছিল॥
কি হৈ গল?
কত হেৰাই গল সেই আশা
কত উতি গ'ল সেই সপোন॥
চাৰিটা হাঁহি স্তব্ধ হৈ পৰিল
নিমাত হৈ পৰিল
মাথোঁ মাত্ৰ ভাহি আহিল চিঞৰ
"আমাক বছোৱা আমি ডুবি গৈ আছো"
লাহে লাহে হেৰাই গল শব্দ বোৰো
অদৃশ্য হৈ পৰিল
নিমাত হৈ পৰিল।
সচাকৈয়ে হেৰাই গ'ল চাৰিটা হাঁহি॥
দিখৌৰ কোৱাল সুতিত
অদৃশ্যমান হৈ পৰিল ক্ৰমশ:
আৰু নাহিল ঘুৰি
সচাকৈয়ে হেৰাই গ'ল চাৰিটা হাঁহি॥
দুয়ু ৰচা হৃদয়ৰ সপোনবোৰ
নিমিষতে উতোৱাই নিলে ॥॥
মাথো ৰৈ গল স্মৃতি
ৰৈ গল তোমাৰ চিৰজীৱনৰ প্ৰতিশ্ৰুতি॥
আৰু মাথো ৰ'ল তোমাৰ সেই ছবি খন বেৰত ওলমি॥
হেৰা গ'লা তুমি আৰু চাৰিটা হাঁহি॥
…………………×…………………
হেৰাই গ'ল সেই আশা সেই সপোন
দুয়ু দুয়ু হাতত ধৰি দিয়া
প্ৰতিশ্ৰুতিৰ অন্ত পৰিল আজি,
কাল অমানিশা নামি আহিল
সিদিনা সন্ধিয়া যেন কাল আছিল॥
কি হৈ গল?
কত হেৰাই গল সেই আশা
কত উতি গ'ল সেই সপোন॥
চাৰিটা হাঁহি স্তব্ধ হৈ পৰিল
নিমাত হৈ পৰিল
মাথোঁ মাত্ৰ ভাহি আহিল চিঞৰ
"আমাক বছোৱা আমি ডুবি গৈ আছো"
লাহে লাহে হেৰাই গল শব্দ বোৰো
অদৃশ্য হৈ পৰিল
নিমাত হৈ পৰিল।
সচাকৈয়ে হেৰাই গ'ল চাৰিটা হাঁহি॥
দিখৌৰ কোৱাল সুতিত
অদৃশ্যমান হৈ পৰিল ক্ৰমশ:
আৰু নাহিল ঘুৰি
সচাকৈয়ে হেৰাই গ'ল চাৰিটা হাঁহি॥
দুয়ু ৰচা হৃদয়ৰ সপোনবোৰ
নিমিষতে উতোৱাই নিলে ॥॥
মাথো ৰৈ গল স্মৃতি
ৰৈ গল তোমাৰ চিৰজীৱনৰ প্ৰতিশ্ৰুতি॥
আৰু মাথো ৰ'ল তোমাৰ সেই ছবি খন বেৰত ওলমি॥
হেৰা গ'লা তুমি আৰু চাৰিটা হাঁহি॥
…………………×…………………
(৩৬)
" সুৰক্ষা "
" সুৰক্ষা "
✍ ৰাণাদ্বীপ কৌশিক।
চাৰিওদিশে চিঞৰবাখৰ
শান্তিৰে পাৰ কৰিব নোৱাৰা
হৈছো সময়বোৰ ,
শান্তিৰে পাৰ কৰিব নোৱাৰা
হৈছো সময়বোৰ ,
দুৰদৰ্শন বাতৰিকাকতৰ বতৰাবোৰে
বুকুত বিন্ধিছে বৰকৈ
বিষাদ কেৱল বিষাদ ...
হত্যা, হিংসা, ধৰ্ষণ, লুন্ঠন
এয়া কি জীৱশ্ৰেষ্ঠৰ কৰ্ম !!!
বুকুত বিন্ধিছে বৰকৈ
বিষাদ কেৱল বিষাদ ...
হত্যা, হিংসা, ধৰ্ষণ, লুন্ঠন
এয়া কি জীৱশ্ৰেষ্ঠৰ কৰ্ম !!!
বিজ্ঞানৰ যুগত নাৰীক নাশিছে
সৌ কোনো পথত ডাইনী বুলি ,
আন্ধাৰৰ সুযোগ লৈ
নাশিছে কোনো কোনো গাভৰুৰ
ভৱিষ্যতৰ আশাৰ ঘৰখনি ...
সৌ কোনো পথত ডাইনী বুলি ,
আন্ধাৰৰ সুযোগ লৈ
নাশিছে কোনো কোনো গাভৰুৰ
ভৱিষ্যতৰ আশাৰ ঘৰখনি ...
আইন হাতত তুলি লোৱা
মহান মনুষ্য নিদ্ৰাৰত আজি ,
মহান মনুষ্য নিদ্ৰাৰত আজি ,
নাই নোৱাৰোঁ সহিব সেই শত শত
অনামিকাৰ বিননি ...
অনামিকাৰ বিননি ...
যুদ্ধৰ সাজেৰে সাজি
ওলাই আহিছোঁ
দৈত্য দানৱৰ তেজেৰে
ফাকু খেলিবলৈ আজি ।।
…………………×…………………
ওলাই আহিছোঁ
দৈত্য দানৱৰ তেজেৰে
ফাকু খেলিবলৈ আজি ।।
…………………×…………………
(৩৭)
"উন্মুক্ত"
"উন্মুক্ত"
✍ মনীষা বৰা।
মাধৱদেৱ মহাবিদ্যালয়।
মাধৱদেৱ মহাবিদ্যালয়।
সদায় দুখ সদায় কষ্ট
সদায় নিৰাশ এই জীৱন,
অনুভূতিহীন
দিনবোৰৰ লগত ডুবি আছোঁ
কোনো তৃপ্তি , উপলব্ধি নোহোৱাকৈ
দিনবোৰ কটাই আছোঁ
আৰু কটাবলৈ আছোঁ
উস্ ! কবিতা থকা হ'লে
এই জীৱন কোনো
কবিৰ হাতত অৰ্পন কৰি দিলোঁহেতেন।
তেওঁ বুজি পালেহেতেন
মোৰ দুখ , মোৰ যন্ত্ৰনা।
কিন্তু , কি কবিতা বা চবিতা ?
ঢেৰেকনিৰে পোৱা গৰুৰ দৰে
মোৰ এই ডেকা জীৱন
পাৰ হৈ আছে
লক্ষ্যবিহীন স্বাধীনতা হৈ।।
…………………×…………………
সদায় নিৰাশ এই জীৱন,
অনুভূতিহীন
দিনবোৰৰ লগত ডুবি আছোঁ
কোনো তৃপ্তি , উপলব্ধি নোহোৱাকৈ
দিনবোৰ কটাই আছোঁ
আৰু কটাবলৈ আছোঁ
উস্ ! কবিতা থকা হ'লে
এই জীৱন কোনো
কবিৰ হাতত অৰ্পন কৰি দিলোঁহেতেন।
তেওঁ বুজি পালেহেতেন
মোৰ দুখ , মোৰ যন্ত্ৰনা।
কিন্তু , কি কবিতা বা চবিতা ?
ঢেৰেকনিৰে পোৱা গৰুৰ দৰে
মোৰ এই ডেকা জীৱন
পাৰ হৈ আছে
লক্ষ্যবিহীন স্বাধীনতা হৈ।।
…………………×…………………
(৩৮)
"অনুভৱৰ সাজ"
"অনুভৱৰ সাজ"
✍ হিৰকজ্যোতি শৰ্মা।
অনুভৱী হৃদয়ৰ এক ৰঙীণ সুঁতি
বৈ যায় মাথো অবিৰাম
সেউজীয়া জীৱনৰ অদম্য শক্তি।।
হাঁহি হাঁহি বাঁহ সাজে তাত
নীলা চিয়াঁহীৰে কুৰুকি অহা
নিস্তব্ধ শব্দৰ বৰষুণজাকে।।
নাজানো সেয়া কি
সপোনৰ নে কবিতাৰেই কেঁচা সুৰ
সেয়াটো ভাষাও নহয়
তাত থকা পংক্তিবোৰো যে
সুৰ নহয়
তেন্তে সেয়া কি?
বৈ যায় মাথো অবিৰাম
সেউজীয়া জীৱনৰ অদম্য শক্তি।।
হাঁহি হাঁহি বাঁহ সাজে তাত
নীলা চিয়াঁহীৰে কুৰুকি অহা
নিস্তব্ধ শব্দৰ বৰষুণজাকে।।
নাজানো সেয়া কি
সপোনৰ নে কবিতাৰেই কেঁচা সুৰ
সেয়াটো ভাষাও নহয়
তাত থকা পংক্তিবোৰো যে
সুৰ নহয়
তেন্তে সেয়া কি?
ছাগৈ......
সেয়া
আধৰুৱা কবিতাৰ লেৰেলা পাহি
মৰহি যোৱা জীৱনৰ
বাখৰ খটোৱা
তেজৰঙী বিষাদৰ ফল্গুধাৰী।।
…………………×…………………
সেয়া
আধৰুৱা কবিতাৰ লেৰেলা পাহি
মৰহি যোৱা জীৱনৰ
বাখৰ খটোৱা
তেজৰঙী বিষাদৰ ফল্গুধাৰী।।
…………………×…………………
(৩৯)
"ৰিক্ত হৃদয়ৰ কৰুণ সুৰ"
"ৰিক্ত হৃদয়ৰ কৰুণ সুৰ"
✍ ভাগ্যশ্ৰী শৰ্মা।
সময় দুলিছে বতাহৰ সোঁতে সোঁতে
কবিতাবোৰো দেখোন স্তব্ধ হৈছে
কবিৰ বুকুৰ দেওঁলগা ঘাঁটতে।।
অৰ্দ্ধযজ্ঞ পাতিছে কবিয়ে
শব্দৰ মৃত সমাধিত ৰৈ
ভাষাবোৰে উচুপিছে
নীলা চিয়াঁহীৰ চকুলোৰে....।।
কবিতাবোৰো দেখোন স্তব্ধ হৈছে
কবিৰ বুকুৰ দেওঁলগা ঘাঁটতে।।
অৰ্দ্ধযজ্ঞ পাতিছে কবিয়ে
শব্দৰ মৃত সমাধিত ৰৈ
ভাষাবোৰে উচুপিছে
নীলা চিয়াঁহীৰ চকুলোৰে....।।
স্তব্ধ হ'বনে এই অশ্ৰুমালা
গোলাপ পাহিৰ পৰশত
ৰৈ যাবনে
কবিৰ সিক্ত সমাধিত
শব্দৰ শেষ কংকাল।।
গোলাপ পাহিৰ পৰশত
ৰৈ যাবনে
কবিৰ সিক্ত সমাধিত
শব্দৰ শেষ কংকাল।।
কিন্তু কবিতাৰ জানো মৃত্যু হয়?
কবিৰ হাতত নিতে কবিতাৰ জন্ম হয়।।
কবিৰ হাতত নিতে কবিতাৰ জন্ম হয়।।
কেতিয়াবা কবিতা নিৰব হয়
আৰু তেতিয়াই,
আকাশীগংগা ৰ ডেউকাত
দিওঁ চোন চটিয়াই
এমুঠি নীলাৰ জোনাক।।
কিজানিবা বিয়পি পৰেই আকৌ
কবিৰ কবিতাৰ স্তব্ধ হাবিয়াস।।
…………………×…………………
আৰু তেতিয়াই,
আকাশীগংগা ৰ ডেউকাত
দিওঁ চোন চটিয়াই
এমুঠি নীলাৰ জোনাক।।
কিজানিবা বিয়পি পৰেই আকৌ
কবিৰ কবিতাৰ স্তব্ধ হাবিয়াস।।
…………………×…………………
(৪০)
"বিশ্ববিদ্যালয়ৰ মোৰ সেইজনী"
"বিশ্ববিদ্যালয়ৰ মোৰ সেইজনী"
✍ হেমন্ত কুমাৰ চাহ।
বিশ্ববিদ্যালয়ৰ মোৰ সেইজনী ,
মই তাইৰ প্ৰেমৰ পৰিছিলোঁ ,
সেউজ যেন মোৰ সকলো ,
প্ৰৱেশ প্ৰস্তানেই তাইৰ মাতত ,
আছি - গেছি কি যে তাইৰ মিঠা মাত ,
সেউজীয়া যেন মোৰ হিয়া খন ,
তাইৰ মাতে মোৰ উটুৱাই নিলে ,
বিশ্ববিদ্যালয়ৰ মোৰ সেইজনী ,
তাইৰ প্ৰেমৰ কল্পনাৰে কাল্পিত হৈ ,
লিখিব ধৰিছো ভঙা ছিঙা প্ৰেমৰ কবিতা ,
প্ৰতি পলকতেই তাইলৈ কল্পনা ,
জোনাক নাথাকিলেও জোনাকৰ কল্পনা ,
জোনাকী পোহৰৰ আখৰতেই
তাইৰে কবিতা ,
তাইৰে কবিতা ,
বিশ্ববিদ্যালয়ৰ মোৰ সেইজনী।।
…………………×…………………
…………………×…………………
××××××××××××××××××××××
××××××××××××××××××××××
××××××××××××××××××××××
No comments:
Post a Comment